গুৱাহাটী,৬ জুলাই : চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যসূচী(Govt free book distribution) । ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৮ লাখ বিনামূলীয়া পাঠ্যপুথি সাজু কৰি ৰাখিছে ।
বুধবাৰে মহানগৰীৰ নাৰেংগী বোন্দাস্থিত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ(Assam State textbook production and publication corporation) কেন্দ্ৰীয় ভঁৰালৰ পৰা পাঠ্যপুথি বিতৰণৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই ফ্লেগ অফ কৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
ইয়াৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত প্ৰায় ৩ লাখ, ৮৪ হাজাৰ ১২৬ খন পাঠ্যপুথি ধুবুৰী, লখিমপুৰ, যোৰহাট, নলবাৰী, মৰিগাঁও, কামৰূপ(মহানগৰ) আৰু দৰং এই সাতখন জিলাত বিনামূলীয়া পাঠ্যপুথিসমূহ বাহনৰে প্ৰেৰণ কৰা হয় । আগষ্ট মাহত হ'বলগীয়া একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই আন আন জিলা সমূহতো বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে নিগমৰ অধ্যক্ষগৰাকীয়ে ।
ইয়াৰ বাবে প্ৰয়োজন হ'বলগীয়া প্ৰায় ১৮ লাখ পাঠ্যপুথি ইতিমধ্যে বাকী থকা জিলা সমূহত প্ৰেৰণৰ বাবে সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে পাঠ্যপুথি প্ৰণয়ন নিগম লিমিটেডে । বুধবাৰে এই পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক এন এন চৌধুৰী, মহাপ্ৰবন্ধক এ কে খাউণ্ড আৰু বাণিজ্যিক প্ৰবন্ধক আৰ চি শৰ্মা ।
লগতে পঢ়ক : Agneepath scheme: অগ্নিবীৰ হোৱাৰ মানসেৰে টিংখঙত প্ৰশিক্ষণ ২ শতাধিকৰ