গুৱাহাটী,১৫ ছেপ্টেম্বৰ: ৰাজ্যত সক্ৰিয় অনলাইন প্ৰৱঞ্চক চক্ৰ । টকা দুগুণ কৰাৰ নামত এই চক্ৰই চলাই গৈছে অনলাইন প্ৰৱঞ্চনা । লগতে নকল নোটৰ বেহা (Fake currency seized) । লোভেই পাপ, পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰীয়ে যেন পুনৰ সত্যত পৰিণত হ’ল ৷ কিয়নো তেনে এক অনুৰূপ ঘটনাই সংঘটিত হৈছে মধ্যপ্ৰদেশৰ এটা দম্পতীৰ লগত ৷
লোভৰ বাবে এই চক্ৰৰ কৱলত পৰি ৯.৭৫ লাখ টকাৰ হেৰুৱালে এক দম্পতীয়ে (Madhya Pradesh couple caught in trap of fraudsters)। এই দম্পতীয়ে লোভত পৰি অনলাইন যোগে অসমৰ এটা গোটৰ সৈতে সংযুক্ত হৈছিল টকা দুগুণ কৰাৰ অৰ্থে । সেই অনুসৰি গুৱাহাটীলৈ আহি মধ্যপ্ৰদেশৰ এই দম্পতীয়ে এই চক্ৰটোৰে ধনৰ লেনদেন কৰিছিল ।
১০ লাখ টকাক ৪০ লাখ টকা কৰি দিয়াৰ প্ৰৱঞ্চনাৰে জাল পাতিছিল প্ৰৱঞ্চকৰ চক্ৰটোৱে (Fraudster arrested with fake currency) । ওপৰত ১০ হাজাৰ টকাৰ নকল নোট দি বাকীখিনি মাজত কাগজ সুমুৱাই এটা বেগ দিছিল প্ৰৱঞ্চকৰ দলটোৱে । AS 01 JC 9939 নম্বৰৰ উবেৰ বাহনত চলিছিল ধনৰ লেন দেন ।
ঘটনা সন্দৰ্ভত মধ্য প্ৰদেশৰ বৃদ্ধ দম্পতীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে গাড়ীৰ নম্বৰ ট্ৰেক কৰি দিছপুৰ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে আটক কৰে গাড়ীখনৰ চালকক । ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত এই দম্পতীকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
আৰক্ষীয়ে দুই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও মূল মাষ্টাৰ মাইণ্ড এতিয়াও পলাতক অৱস্থাত আছে । ডিচিপি সুধাকৰ সিঙে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা দুই প্ৰৱঞ্চক হৈছে ছাইফুল ইছলাম আৰু পি আৰ হুছেইন । ধৃত দুয়োটা প্ৰৱঞ্চকৰ ঘৰ নগাঁৱত ।
আৰক্ষীয়ে ভগদত্তপুৰ অঞ্চলত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নকল নোট প্ৰস্তুত কৰা মেচিন আৰু দুই বাণ্ডিল নোট উদ্ধাৰ কৰে । চালকজনৰ লগতে আন দুজনক বৰ্তমান জেৰা চলাই থকা হৈছে । মূল মাষ্টাৰ মাইণ্ডটোক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে বিশেষ অভিযান চলাই আছে । মূল মাষ্টাৰমাইণ্ডৰ ঠিকনা ইতিমধ্যে আৰক্ষীয়ে ট্ৰেচ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছ আৰু নকল নোট সৰবৰাহকাৰী