গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নিশা মহানগৰ আৰক্ষীয়ে আটক কৰিলে এজন ভুৱা আৰক্ষী বিষয়াক । নিশা গড়চুক চাৰিআলিত আৰক্ষীয়ে নিয়মীয়াভাৱে টহল দি থকাৰ সময়ত ৰয়েল এনফিল্ড বাইকেৰে আহি উক্ত স্থানত উপস্থিত হৈছিল অসম আৰক্ষীৰ পোছাক পৰিহিত ভুৱা আৰক্ষী বিষয়াজন । নিজকে আৰক্ষীৰ অপৰাধ শাখাৰ উপ-পৰদৰ্শক বুলি পৰিচয় দি কৰ্তব্যৰত আৰক্ষীৰ সৈতে অভব্য আচৰণ কৰাৰ লগতে ভুৱা আৰক্ষী বিষয়াজনে আইনী কৰ্তব্য পালনত বাধা প্ৰদান কৰে ।
আনহাতে, জেৰাৰ সময়ত ভুৱা আৰক্ষী বিষয়াজনে স্বীকাৰোক্তি দিয়া মতে, তেওঁৰ নাম কুলজ্যোতি বৈশ্য আৰু ২৩ বছৰীয়া কুলজ্যোতি আজাৰাৰ ধাৰাপুৰৰ চক্ৰধৰ বৈশ্যৰ পুত্ৰ । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, কুলজ্যোতি বৈশ্য অসম আৰক্ষীৰ বিষয়া নহয় আৰু বেআইনীভাৱে কাম কৰাৰ বাবে তেওঁ আৰক্ষীৰ ছদ্মবেশ লৈছিল । এই সন্দৰ্ভত গড়চুক আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: কিয় হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসন দিবলৈ ক'লে গৌৰৱ গগৈয়ে ?