ETV Bharat / state

Fraud financial company: ভূৱা বিত্তীয় কোম্পানীৰ CEO সহ দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Dec 9, 2022, 6:52 PM IST

ৰাজ্যত ক্ৰমান্বয়ে বৃ্দ্ধি পাইছে ভূৱা বিত্তীয় কোম্পানীৰ সংখ্যা । ব্যতিক্ৰম নহয় মহানগৰীও । মহানগৰীৰ বিভিন্ন প্ৰান্ততো ৰঘূমলাৰ দৰে বৃদ্ধি পাইছে ভূৱা বিত্তীয় কোম্পানী । এনে কোম্পানীক নাকী লগাবলৈ অভিযান আৰম্ভ কৰিছে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই(Economic Offences Investigation Agency) ।

Fraud financial company CEO arrested
ভূৱা বিত্তীয় কোম্পানীৰ CEO সহ ২ জনক গ্ৰেপ্তাৰ

গুৱাহাটী, ৯ ডিচেম্বৰ: মহানগৰীত ক্ৰমান্বয়ে বৃ্দ্ধি পোৱা ভূৱা বিত্তীয় কোম্পানীক(Fraud financial company) নাকি লগাবলৈ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ বিশেষ অভিযান । মহানগৰীত ওদালবাক্ৰাত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই(BIEO) অভিযান চলায় Yes money নামৰ ভূৱা বিত্তীয় কোম্পানীৰ CEO সহ দুজনক গ্ৰেপ্তাৰ কৰে(Economic Offences Investigation Agency) । ধৃত তিনিজন ক্ৰমে yes money ৰ CEO বনমালী হাজৰিকা , মেনেজাৰ ৰজত দাস আৰু CEO বনমালী হাজৰিকাৰ ব্যক্তিগত বিষয়া ৰিংকু শইকীয়া (Fraud financial company CEO arrested) ।

শুক্ৰবাৰে অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰে সংস্থাটোৰ SP ৰূপকিশোৰ সন্দিকৈ আৰু DSP মঞ্জু আহমেদে । তেওঁলোকে সংবাদমাধ্যমৰ আগত কয় যে BIEO ৰ ৩০/২২ নম্বৰ গোচৰৰ ভিত্তিত অভিযান চলায় বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় তিনিওকে । RBI ৰ পৰা নিধি আচনিৰ নামত কোনো অনুজ্ঞা পত্ৰ নোলোৱাকৈ yes money নামেৰে ভূৱা বিত্তীয় কোম্পানী খুলি সাধাৰণ ৰাইজক কোম্পানীটোত ধন জমা থলে অধিক মুনাফা লাভ কৰাৰ লোভ দেখুৱাই গ্ৰাহকৰ পৰা ১ কোটিৰো অধিক টকা আত্মসাৎ কৰিছিল(Allegations of embezzlement of money against Fraud Financial Company) ।

ধৃত তিনি প্ৰৱঞ্চকে কৰ্ণাটকৰ ব্যক্তিগত খণ্ডৰ RBL নামৰ বেংকটোত yes money নামৰ একাউন্ট খুলি আত্মসাৎ কৰা ধনবোৰ জমা ৰাখিছিল । উল্লেখ্য যে, ভূৱা বিত্তীয় কোম্পানীটোত ৫ জনকৈ কৰ্মচাৰী নিয়োগ কৰি বিদ্যালয় সমূহলৈ পঠিয়াই ছাত্ৰ-ছাত্ৰীৰ নামত কোম্পানীটোত একাউন্ট খোলাৰ চেষ্টা চলাইছিল । ২০১৯ চনত ভূৱা বিত্তীয় কোম্পানীটো আৰম্ভ কৰিছিল যদিও কোভিডৰ বাবে কামকাজ কিছু পৰিমাণে স্থগিত হৈ আছিল ৷ কিন্তু কোভিড পৰিস্থিতি শাম কটাৰ পিছত ক্ষীপ্ৰ গতিত ধন আত্মসাৎ কৰা আৰম্ভ কৰিছিল এই চক্ৰটোৱে ।

লগতে পঢ়ক: Pranjal Pratim Tamuli won silver: ৰাষ্ট্ৰীয় চাব জুনিয়ৰ কাৰাটেত প্ৰাঞ্জল প্ৰতিমৰ ৰূপৰ পদক অৰ্জন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.