ETV Bharat / state

এন আৰ চি : গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদ মেল

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক আদৰণি ৷ চৰকাৰৰ এন আৰ চি বিৰোধী স্থিতিক সমালোচনা সংগঠনটোৰ ৷

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদ মেল
author img

By

Published : Aug 31, 2019, 7:15 PM IST

গুৱাহাটী, আগষ্ট 31 : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৷ নাগৰিক পঞ্জীক লৈ একাংশই ক্ষোভ ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই আদৰণি জনাইছে এন আৰ চি প্ৰক্ৰিয়াক ৷ নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চয়ো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক আদৰণি জনোৱা বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত উপস্থিত থাকি ডঃ হীৰেণ গোঁহাই,হাইদৰ হুছেইন,উদয়াদিত্য ভৰালী আৰু মনজিৎ মহন্তই এন আৰ চি প্ৰক্ৰিয়াৰ শলাগ লোৱাৰ লগতে চৰকাৰৰ এন আৰ চি বিৰোধী স্থিতিক সমালোচনা কৰে ৷ নিজৰ মন্তব্যত হাইদৰ হুছেইনে চিৰদিন অসমীয়া জাতি আন্দোলনতে ব্যস্ত থাকিব নে জাতিটোৰ জীৱন মৰণৰ লগত লগত জড়িত এটা সমস্যা সমাধান হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ লগতে তেখেতে কয় যে,এটা আইনগত প্ৰক্ৰিয়াৰে বিদেশী চিনাক্তকৰণ কৰা হৈছে ৷

আনহাতে শুকুৰবাৰে এন আৰ চি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক সমালোচনা কৰি মনজিৎ মহন্তই কয় যে,তেওঁলোকৰ বাবে ইছলাম ধৰ্মী মানেই বাংলাদেশী ৷ এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে যি সকল বিষয়ববীয়াই সক্ৰিয়তাৰে কাম কৰিলে তেওঁলোককো নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই ধন্যবাদ জ্ঞাপন কৰে ৷

Intro:নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ।

Body:বহু প্ৰতীক্ষাৰ অন্তত আজি প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা । নাগৰিক পঞ্জীক লৈ একাংশ ই ক্ষোভ উজৰাৰ লগতে একাংশ ই আদৰণি জনাইছে । নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চয়ো নাগৰিক পঞ্জী খচৰাক আদৰণি জনোৱা বুলি জনায় । গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত তেওঁ লোকে কয় যে আমি ইয়াক আদৰণি জনাইছো ।সুদীৰ্ঘ এক পৰিক্ৰমাৰ অন্তত অসমৰ ৰাইজে পাইছে নাগৰিক পঞ্জীৰ খচৰা ।সেয়ে এই কাৰ্য নি সন্দেহে এক যোগাত্মক বুলিমন্তব্য কৰে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ ই । আইন সিদ্ব চৰকাৰী ব্যৱস্থাৰে প্ৰথমবাৰৰ বাবে এইবাৰ বিদেশী চিনাক্ত কৰন প্ৰক্ৰিয়া আৰম্ভ হৈছে । উৎকন্ঠা বিশেষ চকুত নাই পৰা,যদি আৰম্ভ হৈছে সেয়া চৰকাৰৰ পৰা আৰু কিছু পৰিমানে প্ৰশাসনৰ পৰা । চিৰদিন অসমীয়া জাতি আন্দোলনতে ব্যস্ত থাকিব নে জাতিটোৰ জীৱন মৰনৰ লগত জৰিত এটা সমস্যাৰ সমাধান লাগে । আগন্তুক দিনত অসমত দীৰ্ঘদিনীয়া সমস্যাটো অন্ত পেলোৱা পথ আজিৰ পৰা খোল খোল খালে । লগতে কয় যে যিসকলৰ নাম নাহে চিন্তিত হব নালাগে আগন্তুক 120 দিনলৈ সময় আছে । প্ৰতীক হাজেলাক ধন্যবাদ জনোৱাৰ লগতে যি সকল বিষয় ববীয়া ই সক্ৰিয়তাৰে কাম কৰিলে তেওঁ লোকক ধন্যবাদ জনাই নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ ই ‌ ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.