ETV Bharat / state

Ellora Science Forum: ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলনৰ আয়োজন

author img

By

Published : Mar 28, 2023, 5:21 PM IST

অহা ৭ এপ্ৰিলৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ অসম ৰাজ্যিক সন্মিলন (State Conference of Ellora Science Forum) । তিনিদিনীয়াকৈ অনুষ্ঠিতব্য় এই ৰাজ্যিক সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

4th Assam State Conference of Ellora Science Forum
ইলোৰা বিজ্ঞান মঞ্চ
ইলোৰা বিজ্ঞান মঞ্চ

গুৱাহাটী, ২৮ মাৰ্চ : সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ব্ৰতী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ অসম ৰাজ্যিক সন্মিলন অহা ৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ তেজপুৰ চহৰত অনুষ্ঠিত হ'ব (4th Assam State Conference of Ellora Science Forum) । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই । এই সম্মিলন সফল কৰাৰ বাবে শিক্ষাবিদ আনন্দ বৰুৱাক সভাপতি, ডাঃ ৰাণা মুকুট কেওটক কাৰ্যকৰী সভাপতি আৰু ৰঞ্জিত ভূঞাক সম্পাদক ৰূপে লৈ গঠিত অভ্যর্থনা সমিতিখনে ব্যাপক প্রস্তুতি হাতত লৈছে বুলি তেওঁ কয় (State Conference of Ellora Science Forum at Tezpur)।

ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই কয় যে, অহা ৭ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপণিৰ দ্বাৰ মুকলিৰে সন্মিলন আৰম্ভ হ'ব । এই দ্বাৰ মুকলি কৰিব অভ্যর্থনা সমিতিৰ সভাপতি আনন্দ বৰুৱাই । সেইদিনাই পুৱা ১০.৩০ বজাত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীয়ে (Guwahati AIIMS) বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত মৰণোত্তৰ অংগদান-দেহদান সম্পৰ্কীয় এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিছে । এই বিদ্যালয় চৌহদত তেজপুৰ মেডিকেল কলেজৰ শৰীৰতত্ব বিভাগৰ উদ্যোগত প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে ।

সমান্তৰালভাৱে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতা, যাদুৰ আঁৰৰ বিজ্ঞান, ৰব'টিক বিজ্ঞান, দিনৰ ১২.৩০ বজাৰ পৰা কৃষি বিশেষজ্ঞৰ সৈতে কৃষকৰ মত বিনিময় আৰু ৰান্ধনিশালত বিজ্ঞান, আবেলি ৫ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে 'আকাশ চাওঁ আহা' শীৰ্ষক জ্যোতির্বিজ্ঞান সম্পর্কীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীসমূহত সমল ব্যক্তি হিচাপে বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, ৰিপুঞ্জয় বৰদলৈ, ডিএছআৰএলৰ মিছন সঞ্চালক অর্ণৱ বর্মন, কৃষি বিশেষজ্ঞ মৃণাল বৰ্মন, চিকিৎসক ৰাজেন ৰয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া কল্যাণ হাজৰিকা প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্রহণ কৰিব ।

অহা ৮ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত পতাকা উত্তোলন আৰু ১০ বজাত শোভাযাত্ৰাৰ পিচতেই প্ৰতিনিধি সন্মিলন আৰম্ভ হ'ব । এই প্রতিনিধি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট বিজ্ঞানী তথা দিল্লী চায়েন্স ফ'ৰামৰ ডি ৰঘুনন্দনে । উদ্বোধনী অনুষ্ঠানত প্রথিতযখা বিজ্ঞানী তথা সাহিত্য একাডেমি বঁটাপ্রাপ্ত জনপ্রিয় বিজ্ঞান লেখক ড৹ দীনেশ চন্দ্ৰ গোস্বামী, চকুৰোগ বিশেষজ্ঞ তথা গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক চিকিৎসা সঞ্চালক ডাঃ হর্ষ ভট্টাচার্য, জনবিজ্ঞান আন্দোলনৰ একনিষ্ঠ কর্মী-লেখক ক্ষীৰধৰ বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ পবন কুমাৰ চহৰীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

দিনৰ ৩ বজাৰ পৰা ৫ বজালৈ বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ লগত যুক্ত সম-মনোভাৱাপন্ন সংগঠনসমূহৰ সৈতে মত বিনিময় কৰি সমাজৰ বাবে ক্ষতিকৰ অন্ধবিশ্বাসবোৰ নিৰ্মূল কৰা, জলবায়ু পৰিৱৰ্তন, পৰিৱেশ ৰক্ষা আদি কিছুমান বিষয়ত যৌথ কাম-কাজ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হ'ব । অহা ৯ এপ্ৰিলত প্ৰতিনিধি সন্মিলনৰ মাজেৰে বিগত সময়ছোৱাৰ কাম-কাজৰ পৰ্যালোচনা তথা ভৱিষ্যতৰ কৰ্মপন্থাৰ ৰূপৰেখা নিৰ্ণয়, বিভিন্ন প্রস্তাৱ গ্রহণ, নতুন কমিটী গঠন কৰা হ'ব । উক্ত সংবাদমেলত উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ বিজ্ঞানী ড৹ পবন কুমাৰ চহৰীয়া , জ্ঞান বিজ্ঞান সমিতিৰ সভাপতি তপন কুমাৰ শৰ্মা আদি ।

লগতে পঢ়ক:Assam Bihu Guinness book of world record: মাজুলীত গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচনীৰ প্ৰশিক্ষণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.