ETV Bharat / state

দেৱালত অখিলৰ ছবি অংকন কৰি আটক হ'ল চিত্ৰশিল্পী - অখিল গগৈৰ ছবি অংকন

অখিল গগৈৰ ছবি দেৱালত অংকণ কৰাৰ বাবে আটক হ'ব লগা হৈছে চিত্ৰশিল্পী । অংগ আৰ্ট কালেক্টিভ নামৰ শিল্পী দলটোৰ সদস্যৰ লগতে ছাত্ৰ মুক্তিৰ নেতা ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুলক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে । ঘটনাক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ ফলত আটাইকেইজনক মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷

akhil wall painting
akhil wall painting
author img

By

Published : Nov 19, 2020, 9:52 PM IST

গুৱাহাটী, 19 নৱেম্বৰ : দেৱালত অখিল গগৈৰ ছবি অংকন কৰি আটক হ'ল চিত্ৰশিল্পী ৷ মহানগৰীত অখিল গগৈৰ ছবি দেৱালত অংকণ কৰাৰ বাবে আটক হ'ব লগা হৈছে চিত্ৰশিল্পী । অংগ আৰ্ট কালেক্টিভ নামৰ শিল্পী দলটোৰ সদস্যৰ লগতে ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতাক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে । অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ বশিষ্ঠৰ এখন দেৱালত ছবি আঁকি থকা অৱস্থাত ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ চিত্ৰকৰ তথা ছাত্ৰ মুক্তিৰ সদস্যক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে ।

akhil wall painting
দেৱালত অখিলৰ ছবি অংকন কৰি আটক হ'ল চিত্ৰশিল্পী

দেৱালত এখন ছবি আঁকি প্ৰতিবাদ কৰাটোও এতিয়া অপৰাধ হ’ল নেকি বুলি বিভিন্ন মহলে প্ৰশ্ন উত্থাপিত কৰিছে সামাজিক মাধ্যমত । পুৱাৰে পৰা অখিল গগৈক আৰক্ষীয়ে চলোৱা অত্যাচাৰ শীৰ্ষক প্ৰতিচ্ছবি অংকন কৰি আছিল কেইগৰাকীমান ছাত্ৰ অৱস্থাৰ চিত্ৰকৰে । সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ ফলত আটাইকেইজনক মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ লগতে দেৱালত অঁকা ছবিখন মচি পেলাবলৈ বাধ্য কৰে চিত্ৰকৰ কেইজনক ৷

লগতে পঢ়ক : টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ অনশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.