গুৱাহাটী, 1 মে’ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Assam police raid against drugs)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ততো বহু সময়ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী ৷ লগতে মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰীও ৷
![Huge amount of drugs seized in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-01-video-7210450_01052022180447_0105f_1651408487_1107.jpg)
এইবাৰ পুনৰ মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ (Huge amount of drugs seized in Guwahati)। দেওবাৰে মহানগৰ আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই খানাপাৰাৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 4 টা ড্ৰাগছ সৰহবৰাহকাৰীও (Guwahati police arrested four drugs peddler)৷
জানিব পৰা মতে, আটকাধীন ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে কেলভিন ক্লেন, মনখৰ ৰংহাং, মানিক ইংতিং আৰু ধ্ৰুৱজ্যোতি বৰা ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ধৃত সৰবৰাহকাৰী কেইটাই নগাঁৱৰ পৰা মেঘালয়লৈ সৰবৰাহৰ উদ্দেশ্যে নি আছিল ড্ৰাগছখিনি । তেনে সময়তে আৰক্ষীয়ে ML10C1641 এখন ইকো বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 765 গ্ৰাম ড্ৰাগছ । জব্দকৃত ড্ৰাগছখিনি 60 টা চাবোনৰ বাকচত ভৰাই অনা হৈছিল ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 4 কোটি টকা ।
লগতে পঢ়ক : Cough syrup bottle seized : আগৰতলা ষ্টেচনত লক্ষাধিক টকাৰ কফ চিৰাপৰ বটল জব্দ