গুৱাহাটী,18 এপ্ৰিল : ক’ৰণাৰ দ্বিতীয় ঢৌৱে কেউদিশে পুনৰ বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে অসমীয়া চলচ্চিত্ৰ জগত তথা জলিউডলৈ আহিছে এক সুখৰ বতৰা ৷
![aamis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-four-assamese-films-selected-7206058_18042021104536_1804f_1618722936_817.jpeg)
লজ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া 19 সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লজ এঞ্জেলছ ( আইএফএফএলএ ) লৈ একেলগে নিৰ্বাচিত হৈছে চাৰিখনকৈ অসমীয়া ছবি ।
![bridge](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-four-assamese-films-selected-7206058_18042021104536_1804f_1618722936_1001.jpeg)
নিৰ্বাচিত ছবি চাৰিখন হৈছে- আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ ছুটি ছবি ‘ফৰ ইটছ আদাৰ’, ভাস্কৰ হাজৰিকাৰ ‘আমিষ’, কৃপাল কলিতাৰ ‘ব্ৰীজ’ আৰু প্ৰকাশ ডেকাৰ ‘ফায়াৰ ফ্লাইছ- জোনাকী পৰুৱা’ ।
![for each other](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-four-assamese-films-selected-7206058_18042021104536_1804f_1618722936_978.jpeg)
উল্লেখ্য যে, ‘ফায়াৰ ফ্লাইছ- জোনাকী পৰুৱা’ হৈছে তৃতীয় লিংগৰ ব্যক্তিৰ জীৱনক লৈ নিৰ্মাণ কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন ছবি ।
![fireflies](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-four-assamese-films-selected-7206058_18042021104536_1804f_1618722936_1008.jpeg)
লগতে পঢ়ক : এক ভিলেইন ৰিটাৰ্ণছৰ দৃশ্যগ্ৰহণত ব্যস্ত অৰ্জুন-তাৰা