গুৱাহাটী,২৫ ছেপ্টেম্বৰ: গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । ২৪ ছেপ্টেম্বৰৰ দিনটোত মহাবিদ্যালয় খনত এই দিৱস উদযাপন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি পুৱা NSS(National Service Scheme)ৰ পতাকা উত্তোলন কৰি অধ্যক্ষা ড০ শিখামণি কোঁৱৰে ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷
![Nss](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13170862_1080_13170862_1632573558833.png)
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰীসকলে ফিট ইণ্ডিয়া ফ্ৰীড'ম ৰাণত( Fit India Freedom Run)অংশগ্ৰহণ কৰাৰ লগতে মহাবিদ্যালয় চৌহদত চাফাই অভিযানৰ কাৰ্যসূচীও ৰূপায়ণ কৰে ৷ বিয়লি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহিবিদ্যালয় আৰু গুৱাহাটীৰ এচ. বি. দেওৰা কলেজৰ যুটীয়া উদ্যোগত অনুষ্ঠিত ৱেব সন্মিলনত সমল ব্যক্তি অসম লোক সেৱা আয়োগৰ সদস্য ড০ নিৰঞ্জন কলিতাই ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠা দিৱসৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে ৷ তেওঁ মন্তব্য কৰে যে NSSৰ স্বেচ্ছাসেৱী সকলে নিজকে নৈতিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে সমাজৰো হিত সাধনত ব্ৰতী হোৱা উচিত ৷
![Nss](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13170862_189_13170862_1632573662440.png)
ৱেব সন্মিলনত এছ.বি.দেওৰা কলেজৰ অধ্যক্ষ ড০ ধৰ্মেন্দ্ৰ নাথ উপস্থিত থাকে আৰু NSSৰ প্ৰগ্ৰাম অফিচাৰ ড০ ৰুমামণি ডেকাই অনুষ্ঠানটি পৰিচালনা কৰে ৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত NSSৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যাৱলী পৰিচালনা কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক তথা NSSৰ সমন্বয়ক ড০ নুৰুল ইছলামে ৷ এই অনুষ্ঠানত উপাধ্যক্ষ ড০ মৌচুমী বৰদলৈ হাজৰিকা, শিক্ষকবৃন্দ, স্বেচ্ছাসেৱী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷