গুৱাহাটী ১ ছেপ্টেম্বৰ: দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰীৰ ৯৫ সংখ্যাক জন্মদিন আৰু ''আমাৰ ঘৰ" বৃদ্ধা আৱাসৰ ১৯ সংখ্যাক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পাথৰকুৱৰীস্থিত বৃদ্ধাৱাস প্ৰাংগনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । অম্বিকাগিৰি স্মাৰক ন্যাস সমিতিৰ উদ্যোগত বিয়লি ৫ বজাৰ পৰা অনুস্থিত হোৱা অনুষ্ঠানৰ আৰম্ভণিতে "আমাৰ ঘৰ"ৰ আৱাসী ৰঞ্জিতা মেধিয়ে বৰগীত পৰিৱেশন কৰে(Ambikagiri Memorial Trust Committee) । তাৰ পিছত "আমাৰ ঘৰ"ৰ জন্মদিন উপলক্ষে জন্মদিনৰ কেক কাটে বৃদ্ধাশ্ৰমৰ আৱাসীসকলে(Aamar Ghor mother old age home) ।
অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়ত্ৰী অপৰ্ণা দেৱীয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে বয়োজেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, সংগীত শিল্পী লোকনাথ গোস্বামী, বৰপেটা মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডা:কাবুল শইকীয়া, সমাজ সেৱিকা তথা কংগ্ৰেছ নেত্ৰী মৃদুলা চহৰীয়া, অম্বিকাগিৰি স্মাৰক ন্যাসৰ কাৰ্যকৰী সভানেত্ৰী যুগব্ৰতা দত্ত আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।
গীত-মাত-নৃত্যৰে জীপাল হোৱা অনুষ্ঠানটোত যুগব্ৰতা দত্তৰ "ভিন্ন সময়, ভিন্ন চিন্তা" আৰু "খিৰিকীৰে জোনাক" নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷
লগতে পঢ়ক: বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস