ETV Bharat / state

কেবৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই

কেব আৰু বিজেপিৰ বিৰুদ্ধে আকৌ গৰজিল "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ" ৷ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁই আৰু মনজিৎ মহন্তই ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ পোষকতা কৰে ৷

forum against citizenship act amendment bill
কেবৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই
author img

By

Published : Dec 10, 2019, 2:44 AM IST

গুৱাহাটী, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সংবাদমেলত ক্ষোভ উজাৰিলে "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁই কয় যে কোনো বিশেষ আলোচনা নোহোৱাকৈয়ে সংখ্যাগৰিষ্ঠৰ বলত লোকসভাত বিজেপিয়ে কেব গৃহীত কৰিলে ৷ লগতে কয় যে গৃহমন্ত্ৰীয়ে ইয়াৰ সমৰ্থনত যিটো যুক্তি দিলে তাত আমি নানা ধৰণৰ ফাঁট লক্ষ্য কৰিছো ৷ এই অপকৰ্মত থলুৱা লোক স্বাভাৱিকতে বিচলিত হ’ব ৷ লগতে ইয়াৰ সুযোগ লৈ বিজেপিৰ কোনো দালালে প্ৰৰোচনামূলক মন্তব্য কৰি উত্তেজনা বৃদ্ধি কৰাৰ আশংকা নথকা নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ ইয়োৰোপৰি তেওঁ আৰু কয় যে আমি দেখি সন্তোষ পাইছো যে কেইবাটাও বাঙালী সংগঠন আৰু বিশিষ্ট ভদ্ৰলোকে বৈধ ভাৰতীয় বঙালীক আহ্বান জনাইছে এই বিভেদমূলক জাতিধ্বংসী আইনৰ বিৰোধিতা কৰিবলৈ । আৰু অসমৰ সকলো নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই অসম বিৰোধী বিধেয়কৰ বিৰোধিতা কৰাটো ৰাজ্যখনৰ বাবে মংগলজনক । হীৰেন গোহাঁইয়ে আৰু কয় যে এই আন্দোলন অব্যাহত থাকিব লগতে আইনী যুজঁখনো চলাই যাবলৈ মনস্থ কৰিছো ।

আনহাতে এই সংবাদমেলতে মনজিৎ মহন্তই কয় যে আমি আমাৰ মঞ্চৰ পৰা সিদ্ধান্ত লৈছো যে ৰাজপথৰ এই সংগ্ৰাম চলি থাকিব । আছু, কৃষক মুক্তিকে ধৰি যি সকলে আন্দোলন কৰি আছে সকলোবোৰতে আমি সহযোগ কৰিছো । 10 ডিচেম্বৰত যি বন্ধ ঘোষণা কৰা হৈছে সেয়া সফল হ’ব বুলি আশা কৰো । লগতে কয় আইনী যুঁজৰ বাবে কথা বতৰা আৰম্ভ কৰিছো । চুপ্ৰিম ক’ৰ্টত আমাৰ তৰফৰ পৰা গোচৰ কৰিম ৰাইজৰ হৈ । সকলোৱে যিমান পাৰে দান বৰঙণি আগবঢ়াব বুলি ৰাইজলৈ তেওঁ আহ্বান জনায় ।

আৰু পঢ়কঃ তেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সংবাদমেলত ক্ষোভ উজাৰিলে "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ" ই ।

Body:সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁই কয় যে আজি কেব খন সংখ্যা গৰিষতাৰ জোৰত বি জে পি য়ে গৃহীত কৰিলে কোনো বিশেষ আলোচনা নোহোৱাকৈ ।গৃহ মন্ত্ৰী য়ে ইয়াৰ সমৰ্থনত যিটো যুক্তি দিলে তাত আমি নানা ধৰণৰ ফাট লক্ষ্য কৰিছো। এই অপকৰ্মত থলুৱা লোক স্বাভাৱিকতে বিচলিত হব । লগতে ইয়াৰ সুযোগ লৈবি জে পিৰ কোনো দালালে প্ৰৰোচনামূলক মন্তব্য কৰি উত্তেজনা বৃদ্ধি কৰাৰ আশংকা নথকা নহয় বুলিও মন্তব্য কৰে । লগতে তেওঁ আৰু কয় যে আমি দেখি সন্তোষ পাইছো যে কেইবাটাও বাঙালী সংগঠন আৰু বিশিষ্ট ভদ্ৰলোকে বৈধ ভাৰতীয় বাঙালী ক আবেদন জনাইছে যে এই বিভেদমূলক জাতিধ্বংসী আইনৰ বিৰোধিতা কৰিবলৈ ।আৰু অসমৰ সকলো নাগৰিকে জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে এই অসম বিৰোধী বিধেয়কৰ বিৰোধিতা কৰাতো ৰাজ্য খনৰ বাবে মঙ্গল জনক । হীৰেন গোহাঁই আৰু কয় যে এই আন্দোলন অব্যাহত থাকিব লগতে আইনী যুজঁ খনো চলাই যাবলৈ মনস্থ কৰিছোঁ ।

এই সংবাদমেলতে মনজিৎ মহন্তই কয় যে আমি আমাৰ মঞ্চৰ পৰা সিদ্ধান্ত লৈছোঁ যে ৰাজপথৰ এই সংগ্ৰাম চলি থাকিব । আছু,কৃষক মুক্তি কে ধৰি যি সকলে আন্দোলন কৰি আছে সকলো বোৰতে আমি সহযোগ কৰিছোঁ । কাইলৈ যি বন্ধ ঘোষণা কৰা হৈছে সেয়া সফল হব বুলি আশা কৰোঁ ।আইনী যুজৰ বাবে কথা বতৰা আৰম্ভ কৰিছোঁ । চুপ্ৰিম কৰ্টত আমাৰ তৰফৰ পৰা গোচৰ কৰিম ৰাইজৰ হৈ । সকলোৱে যিমান পাৰে দান বৰঙণি আগবঢ়াই যেন বুলি ৰাইজলৈ আহ্বান জনায় ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.