ETV Bharat / state

Prateek Hajela: ৰাকেশ পালৰ খালী ঠাই পূৰণ কৰি জে’লৰ ৰান্ধনী কৰক হাজেলাক: অভিজিৎ শৰ্মা

author img

By

Published : Apr 1, 2023, 5:47 PM IST

পুনৰ অসমলৈ আহিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷ উল্লেখ্য যে, অসমত সংঘটিত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কেলেংকাৰীৰ মূল অভিযুক্ত প্ৰতীক হাজেলা (Assam NRC Scam) ৷

Prateek Hajela
ৰাকেশ পালৰ খালী ঠাই পূৰণ কৰি জে’লৰ ৰান্ধনী কৰক হাজেলাক: অভিজিৎ শৰ্মা

গুৱাহাটী, ১ এপ্ৰিল: প্ৰতীক হাজেলাক ৰাকেশ পালৰ খালী পদ পূৰণ কৰি জে’লৰ ৰান্ধনীৰ পদ দিয়ক ৷ এই মন্তব্য APW সভাপতি অভিজিৎ শৰ্মাৰ ৷ উল্লেখ্য যে, অসমৰ পৰা ডেপুটেশ্যনত মধ্যপ্ৰদেশলৈ যোৱা এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ ম্যাদ উকলি যোৱাত মধ্যপ্ৰদেশ চৰকাৰে তেওঁক অসমলৈ উভতি যোৱাৰ বাবে জাননী জাৰি কৰিছে (Prateek Hajela to return Assam) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি APW সভাপতি অভিজিৎ শৰ্মাই ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ৪ বছৰ আগতে অসমৰ পৰা পলুৱাই পঠিওৱা দেশদ্ৰোহী হাজেলাই ৮০ লাখ বিদেশীক ভাৰতীয়কৰণৰ চেষ্টা কৰাৰ লগতে কেগৰ প্ৰতিবেদন মতে (CAG report on NRC) ২৬০ কোটি কেলেংকাৰী কৰা ডাঙৰ চোৰ অসমলৈ আহিবলৈ ওলাইছে (Former NRC coordinator Prateek Hajela) ৷

অভিজিৎ শৰ্মাই লগতে কয় (APW president Abhijit Sarma) , ‘‘তেওঁক আমিও আদৰণি জনাইছো ৷ অসমলৈ অহাৰ লগে লগে প্ৰতীক হাজেলাৰ ওপৰত থকা গোচৰসমূহ তদন্ত কৰিবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বাবে সুবিধা হ’ব ৷’’ প্ৰতীক হাজেলাৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰি তেওঁক জে’ললৈ পঠিয়াব লাগে বুলিও মন্তব্য অভিজিৎ শৰ্মাৰ ৷

ইয়াৰ উপৰিও তেওঁ কয়, ‘‘চৰকাৰে ৫০০, ৭০০ টক‍া লৈ দুৰ্নীতি কৰা কৰ্মচাৰীসকলক বিৰুদ্ধে অভিযান চলায় হাত দাঙি দিয়ে । কিন্তু কোটি কোটি টকাৰ কথা আহিলে মুখ্যমন্ত্ৰীৰ সক্ৰিয়তা দেখা নাই ৷ সেই বদনামটো যাতে এইবাৰ নাহে ।’’ তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এইবাৰ প্ৰতীক হাজেলাক অসম চুক্তিৰ দায়িত্ব , NHMৰ সঞ্চালক নাইবা ৰাকেশ পালৰ খালী ঠাই পূৰণ কৰি জে’লৰ ৰান্ধনী কৰিব পাৰে ৷

আনহাতে প্ৰাক্তন মুখ্য ন্যায়াধিক ৰঞ্জন গগৈৰ বিৰুদ্ধে সৰৱ হৈ শৰ্মাই কয় যে ২০১৯ চনত প্ৰতীক হাজেলাক ৰাজনৈতিক দল আৰু অভিজিৎ শৰ্মাৰ ভাবুকিৰ বাবে বদলি কৰা হৈছে বুলি ৰঞ্জন গগৈয়ে উল্লেখ কৰিছিল । কিন্তু এতিয়া ২০২৩ চনত ভাবুকি নাই নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ উত্তৰ ৰঞ্জন গগৈয়ে দিব লাগে বুলিও মন্তব্য কৰে APW সভাপতি অভিজিৎ শৰ্মাৰ (Assam NRC Scam) ৷

উল্লেখ্য যে , এনআৰচিৰ (Assam NRC draft) খচৰা প্ৰস্তুত কৰাৰ পাচত নিৰাপত্তাৰ দোহাই দি NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই তিনিবছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেশ্যনত গৈছিল ৷ ২০১৯ চনৰ ১ নবেম্বৰত তেওঁ অসম ত্যাগ কৰি ডেপুটেচনত মধ্যপ্ৰদেশলৈ গৈছিল ৷ NRCক লৈ থকা অসমবাসীৰ সপোন চূৰমাৰ কৰি ডেপুটেশ্যনত যোৱা প্ৰতীক হাজেলা পুনৰ অসমলৈ আহিব (Prateek Hajela returning Assam) ৷

লগতে পঢ়ক: CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.