গুৱাহাটী,17 অক্টোবৰ : সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন আৰক্ষীৰ উপ মহাপৰিদৰ্শক পি কে দত্ত ৷ শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় পি কে দত্তক । আদালতত প্ৰাক্তন উপ মহাপৰিদৰ্শক গৰাকীৰ জবানবন্দী সংগ্ৰহ কৰা হয় ।
কেলেংকাৰীৰ সমগ্ৰ তথ্য আৰু কেনেদৰে পি কে দত্ত এই কেলেংকাৰীৰে জড়িত হৈ পৰে এই সকলো তথ্য লিপিবদ্ধ কৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । উল্লেখ্য যে, চিআইডি জিম্মাৰ 6 দিন উকলাৰ পাচত ইতিমধ্যে আদালতে পি কে দত্তক 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰে । জবানবন্দী লোৱাৰ পাচতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হয় অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তক ।
লগতে পঢ়ক : মহানগৰীত যাত্ৰীবাহী বাছত মহিলাৰ আকস্মিক মৃত্যু