ETV Bharat / state

Assam Chief Information Commissioner: ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাবে দায়িত্ব গ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

author img

By

Published : Apr 6, 2023, 8:41 AM IST

ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাবে নিযুক্তি লাভ কৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (Assam Chief Information Commissioner) ৷ বুধবাৰে ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভাস্কৰজ্যোতি মহন্তই ৷ ভাস্কৰজ্যোতি মহন্তক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ৷

Assam Chief Information Commissioner
ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাবে দায়িত্ব গ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

গুৱাহাটী, 6 এপ্ৰিল: ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত (Assam Chief Information Commissioner) হিচাবে শপত গ্ৰহণ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ বুধবাৰে ৰাজভৱনত আয়োজিত অনুষ্ঠানত শপত গ্ৰহণ কৰে ভাস্কৰজ্যোতি মহন্তই (Ex DGP Bhaskar Jyoti Mahanta) ৷ মহন্তক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই (Assam Governor Gulab Chand Kataria) ৷

বুধবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, ADGP হীৰেন নাথ, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোলাপ মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ শপত গ্ৰহণ কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজিৰ পৰা নতুন অধ্যায়ৰ পাতনি মেলিম ৷ অসমৰ ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছো ৷ চৰকাৰখনে স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে । আগন্তুক দিনত তথ্য জনাৰ অধিকাৰ আগবঢ়াই নিয়াৰ বাবে কাম কৰি যাম ৷’’

উল্লেখ্য যে নৱনিযুক্ত আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ইয়াৰ পূৰ্বে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাবে নিযুক্ত আছিল ৷ 31 জানুৱাৰীত সমাপ্ত হৈছিল ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল ৷ 1988 চনৰ পৰা অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল মহন্ত ৷ ইয়াৰ পূৰ্বে তেওঁ সীমান্ত সঞ্চালক প্ৰধান পদত অধিষ্ঠিত আছিল ৷ ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক হিচাবেও কৰ্মৰত আছিল ভাস্কৰজ্যোতি মহন্ত (IPS Bhaskar Jyoti Mahanta) ৷

উল্লেখ্য যে, অসম আৰক্ষীত বিশেষ ভূমিকা পালন কৰিছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ ভাস্কৰজ্যোতি মহন্তৰ সৱল নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা বৰবিহ ড্ৰাগছ বিৰোধী অভিযান বৰ্তমানেও ব্যাপক হাৰত অব্যাহত আছে ৷ কেৱল এগৰাকী চৰকাৰী বিষয়া হিচাবেই নহয়, এগৰাকী সুলেখক হিচাবেও পৰিচিত ভাস্কৰজ্যোতি মহন্ত ৷ চিনেমা জগতৰ সৈতেও জড়িত ভাস্কৰজ্যোতি মহন্ত ৷

লগতে পঢ়ক: Police officer caught taking bribe: এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.