গুৱাহাটী,27 মাৰ্চঃ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে শুকুৰবাৰে এক প্ৰেছ বিবৃতিযোগে কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ আদৰণি জনায় ৷ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে চেনিটাইজেশ্যন প্ৰক্ৰিয়া ৷ কিন্তু,এই চেনিটাইজেশ্যন বিশেষকৈ চহৰ,নগৰ আৰু মহানগৰত বেছিকৈ প্ৰয়োগ কৰা দেখা গৈছে । উদাহৰণস্বৰূপে,তিতাবৰ পৌৰসভাই নগৰ অঞ্চলত যেনেদৰে চেনিটাইজেশ্যন কৰিছে তেনেদৰে গ্ৰাম্য আৰু চাহ বাগিচা অধ্যুষিত অঞ্চলত প্ৰশাসনে কৰিব পৰা নাই । সেয়ে প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীয়ে অসমৰ চহৰ,নগৰ সমূহৰ উপৰিও চৰকাৰক গ্ৰামাঞ্চল,চাহ বাগিচা আৰু চৰ অঞ্চলত যুদ্ধকালীন তৎপৰতাৰে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে । তিতাবৰৰ গ্ৰাম্য আৰু বাগিচা অঞ্চলৰ চেনিটাইজেশ্যনত সহায়ক হোৱাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্তক ব্যক্তিগতভাৱে ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ।
তদুপৰি লক ডাউন কাৰ্যসূচী অসাৰ হোৱা সন্দৰ্ভত গগৈয়ে কয়,এয়া চৰকাৰৰ মাজত সু-সমন্বয়ৰ অভাৱৰ ফলশ্রুতি । এই জটিল সন্ধিক্ষণত ই অক্ষমণীয় অপৰাধ । ভৱিষ্যতে এনে ভুল যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে সু-ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । বৰ্তমান অসমৰ জনগণক চৰকাৰৰ নীতি নিৰ্দেশনা আৰু ''সামাজিক দূৰত্ব'' মানি চলিবলৈ প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীয়ে বিনম্রভাৱে আহ্বান জনায় ৷