গুৱাহাটী, ১৭ এপ্ৰিল: কংগ্ৰেছৰ আৰু এজন মহাৰথীয়ে দল এৰিলে । কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই দেওবাৰে কংগ্ৰেছ দলৰ পৰা বিদায় ল’লে ৰিপুণ বৰাই (Ripun Bora Resigns from Congress)। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই যে দুই এদিনতে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে তাকে লৈ বিগত কেইটামান দিনৰ পৰা ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছিল । কংগ্ৰেছ ত্যাগ কৰিয়েই তেওঁ তৃণমূল কংগ্ৰেছত যোগ দিয়ে (Ripun Bor joined TMC)৷
উল্লেখযোগ্য যে সদ্যসমাপ্ত ৰাজ্যসভা নিৰ্বাচনত জিকিব পৰাকৈ পৰ্যাপ্ত বিধায়ক লগত থকাৰ পিছতো পৰাজিত হ’বলগীয়া হৈছিল ৰিপুণ বৰা । নিজ দল কংগ্ৰেছৰ লগতে মিত্ৰ এ আই ইউ ডি এফেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰিছিল । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাৰ স্থলাভিষিক্ত হোৱা ভূপেন বৰাৰ সৈতে বহু পুৰনি ৰাজনৈতিক শত্ৰুতা থকা বুলি ৰাজনৈতিক মহলত আলোচিত হৈ আহিছে ।
সেয়েহে ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাৰ পৰাজয়ৰ আঁৰত বহুতে ভূপেন বৰাৰ চক্ৰান্ত থকা বুলিও সন্দেহ কৰে । সেয়া যিয়েই নহওক, ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগ যে বিধ্বস্ত হৈ পৰা এই দলটোৰ বাবে আৰু এক বৃহৎ ক্ষতি সেয়া নকলেও হ’ব ।
শেহতীয়া খবৰ অনুসৰি তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলিকতাত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৷ ইতমধ্যে, তৃণমূল কংগ্ৰেছৰ এক টুইটযোগে এই কথা ৰাজহুৱা কৰা হৈছে ৷ স্বাভাৱিকতেই, সুস্মিতা দেৱৰ পিছত বৰাৰ তৃণমূল যাত্ৰাই অসমত দলটোৰ ভৱিষ্যত সম্পৰ্কে বিশেষ তাৎপৰ্য বহন কৰা বুলি আলোচিত হৈছে ৰাজনৈতিক মহলত ৷
-
Delighted to welcome Shri @ripunbora, Former Minister of Panchayat & Rural Development, Minister of Education in Assam, former
— All India Trinamool Congress (@AITCofficial) April 17, 2022 " class="align-text-top noRightClick twitterSection" data="
Rajya Sabha MP & former President of Assam Pradesh Congress committee!
He joined us today in the presence of Shri @abhishekaitc. pic.twitter.com/ewhzXmafzH
">Delighted to welcome Shri @ripunbora, Former Minister of Panchayat & Rural Development, Minister of Education in Assam, former
— All India Trinamool Congress (@AITCofficial) April 17, 2022
Rajya Sabha MP & former President of Assam Pradesh Congress committee!
He joined us today in the presence of Shri @abhishekaitc. pic.twitter.com/ewhzXmafzHDelighted to welcome Shri @ripunbora, Former Minister of Panchayat & Rural Development, Minister of Education in Assam, former
— All India Trinamool Congress (@AITCofficial) April 17, 2022
Rajya Sabha MP & former President of Assam Pradesh Congress committee!
He joined us today in the presence of Shri @abhishekaitc. pic.twitter.com/ewhzXmafzH
লগতে পঢ়ক: মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা