গুৱাহাটী, ২২ মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি বিয়লি দেশবাসীয়ে হাত চাপৰি, শংখধ্বনিৰে জৰুৰীকালিন সেৱাত নিয়োজিত হৈ থকা লোকসকলক কৃতজ্ঞতা জনোৱাৰ সময়তে ব্যতিক্ৰমী ৰূপত দেখা গল অসমৰ এগৰাকী মন্ত্ৰীক । বিয়লি নিজৰ চৰকাৰী বাসগৃহৰ চোতালত ঘন্টা বজাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ প্ৰাকমুহূৰ্তত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিশেষকৈ সেইসকল লোকৰ লগতে মানৱ জাতিক এই বিপদৰ সময়ত উদ্ধাৰৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । নিজৰ চৰকাৰী বাসগৃহৰ গোঁসাই ঘৰত আজি সন্ধিয়া মন্ত্ৰীগৰাকীক দেখা গ'ল সাধাৰণ জনতাই কেতিয়াও নেদেখা এক ব্যতিক্ৰমী ৰূপত । নিজেই গোঁসাই ঘৰ সাৰি মচি প্ৰাৰ্থনাত বহে বন মন্ত্ৰী গৰাকী ।
লগতে পঢ়কঃ জনতাৰ সান্ধ্য আইন সমৰ্থন শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ