ETV Bharat / state

বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি - ৰাষ্ট্ৰীয় উদ্যান

বিগত তিনি মাহত বেদখলমুক্ত বন বিভাগৰ ৯১৫ হেক্টৰ ভূমি । ২০১৬-২০ চনৰ ভিতৰত পৰিৱেশ আৰু বন বিভাগে সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ তকৈ অধিক অঞ্চল অবৈধ বেদখলৰ পৰা উদ্ধাৰ কৰিছে । নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ বনমন্ত্রীৰ ।

বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি

author img

By

Published : Jun 27, 2021, 8:08 PM IST

গুৱাহাটী, ২৭ জুন : পৰিৱেশ আৰু বন বিভাগে ৩,৪০০ হেক্টৰতকৈ অধিক বন বিভাগ(forest department)ৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে । ২০১৬-২০ চনৰ ভিতৰত বিভাগে সংৰক্ষিত বনাঞ্চল(reserved forest), বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান(national park) আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ তকৈ অধিক অঞ্চল অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিছে । এই অভিযানসমূহত ২,৯৬০ টা অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ উপৰি ১৯৪ জন ব্যক্তিক আটক কৰিছে ।

forest department rescued 3400 hector land from illegal acquisition
বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি

২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২৩ জুনৰ ভিতৰত ৯১৫ হেক্টৰ ভূমি এইদৰে অবৈধ বেদখলমুক্ত কৰা হয় । ইয়াৰে নামনি অসম মণ্ডলত ১৮৫.৫৫ হেক্টৰ ভূমি, উজনি অসম মণ্ডলত ২.৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পশ্চিম অঞ্চলত ৬১৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পূৱ মণ্ডলত ৫০ হেক্টৰ ভূমি, কোকৰাঝাৰৰ হাতুগাঁৱত ৪০ হেক্টৰ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park) ৰ কাষৰীয়া অঞ্চলত প্ৰায় ২২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় । পৰিৱেশ আৰু বন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Forest minister Parimal Suklabaidya)ই সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক অবৈধ দখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ এক অভিযানৰ সূচনা কৰিছে ।

মন্ত্ৰী শুক্লবৈদ্যই ঘোষণা কৰিছে যে প্ৰশাসন আৰু পুলিচ বিভাগৰ সহযোগিতাৰ দ্বাৰা বন্যভূমি বেদখলমুক্ত কৰিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ।

অবৈধ বেদখলৰ বিৰূদ্ধে বন বিভাগৰ অভিযান

বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জৈৱ সংৰক্ষিত অঞ্চল আৰু অন্যান্য সংৰক্ষিত অঞ্চলত এইধৰণৰ কাৰ্য-কলাপৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে বন বিভাগে । নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিছে বনমন্ত্রীয়ে । বন বিভাগে গৌণ খনিজ আহৰণ অঞ্চলসমূহৰ বালি আৰু শিলৰ মহলসমূহৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে ৪৯ টা মহল কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে ।

মুঠ ৪১৮ টা মহলৰ ভিতৰত ২৯৭ টা উজনি আৰু নামনি অসম মণ্ডলৰ অন্তৰ্গত আৰু ১২১ টা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত । ইয়াৰ ভিতৰত উজনি আৰু নামনি অসমত ১২৬ টা মহল কাৰ্যকৰী অৱস্থাত আছে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত ৮১ টা মহল বৰ্তমান চলিত অৱস্থাত আছে । ৫৭ টা মহলৰ বাবে ইতিমধ্যেই নিবিদা প্ৰকাশ কৰা হৈছে আৰু ৫৫ টা নিবিদা অনুযায়ী মীমাংসা কৰা হৈছে ৷ ৫০ টা মহল মোকৰ্দমাৰ অধীনত আছে বুলি বিভাগীয় সূত্রে প্ৰকাশ ।

উল্লেখ্য যে, ২০২০-২১ চনত বিভাগে ৩০২.৩৮ কোটি টকা আৰু ২০২১-২২ চনৰ জুন মাহ পৰ্যন্ত ২০.০২ কোটি টকা ৰাজহ হিচাপে সংগ্ৰহ কৰিছে । ৰাজ্যৰ সেউজ আৱৰণ বঢ়োৱাৰ উদ্দেশ্যে বিশাল পৰিসৰত বনানীকৰণ অভিযান হাতত লৈছে বন বিভাগে । এইক্ষেত্ৰত ছ’চিয়েল ফৰেষ্ট্ৰী উইঙৰ দ্বাৰা এখন কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ।

বঙাইগাওঁ, বৰপেটা আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় ঘাইপথসমূহ(highway) ৰ মাজৰ ডিভাইডাৰ আৰু পথৰ দাঁতিত এনএইছএআই(NHAI)ৰ অনুদানত গছপুলি ৰোপণ কৰা হৈছে । সেইদৰে মহানগৰীৰ পাঞ্জাবাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ পৰ্যন্ত পথৰ ডিভাইডাৰ আৰু পথৰ দাঁতিত গছপুলি ৰোপণৰ দ্বাৰা সেউজ গুৱাহাটীৰ আঁচনি গ্ৰহণ কৰা হৈছে । বনাঞ্চল উন্নয়ন সংস্থাসমূহত ২২০ হেক্টৰ ভূমিত ৰাষ্ট্ৰীয় বনানীকৰণ আঁচনিৰ অধীনত গছপুলি ৰোপণ, কেম্পাৰ অধীনৰ সকলো সংমণ্ডলত ৭২০ হেক্টৰ ভূমিত বনানীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ।

লগতে পঢ়ক : মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.