ETV Bharat / state

অসমত অধিক বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপান: এছ জয়শংকৰ - Foreign Minister

এক্ট ইষ্ট পলিচি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত এছ ছুজুকীৰ সৈতে অসম ভ্ৰমণ কৰা সময়ত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে সোমবাৰে গুৱাহাটীত এই কথা উল্লেখ কৰে । মন্ত্ৰীগৰাকীৰ মতে এক্ট ইষ্ট পলিচি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ 'স্প্ৰীং বুট' ভূমিকা আছে ।

Foreign Minister visit assam
অসমত অধিক বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপান: এছ জয়শংকৰ
author img

By

Published : Feb 15, 2021, 9:21 PM IST

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : ভাৰত আৰু জাপানৰ মাজত সম্পৰ্ক সম্ভৱ হৈ উঠা মূল কাৰণ আছিল উত্তৰ ঔপনিৱেশিক পৰিস্থিতিৰ সবলভাৱে মোকাবিলা কৰা আৰু এই উদ্দেশ্যত দুয়োখন ৰাষ্ট্ৰ সফল হৈছে । আজি গুৱাহাটীত 'এক্ট ইষ্ট পলিচি এণ্ড ইণ্ডিয়া-জাপান কো-অপাৰেছন ইন নৰ্থ ইষ্ট ইণ্ডিয়া উইথ স্পেছিয়েল ফ’কাছ অন আছাম' শীৰ্ষক এক অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ পাছত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ সুব্ৰমনিয়াম জয়শংকৰে ।

এক্ট ইষ্ট পলিচি সন্দৰ্ভত আলোকপাত কৰি সংবাদমেলত ড৹ জয়শংকৰে কয় যে, এই এক্ট ইষ্ট পলিচি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু ই হ’ল সমগ্ৰ পৰিৱেশটোত স্প্ৰীং বুট ।

অসমত অধিক বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপান: এছ জয়শংকৰ

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে সংবাদমেলত অসম, ভূটান আৰু বাংলাদেশৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে জাপানৰ পৰা বিনিয়োগ সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি এই যোগাযোগ ব্যৱস্থাৰ বাবে ধুবুৰী-ফুলগুৰি দলং নিৰ্মাণৰ কাৰণে প্ৰায় 1,600 কোটি, দলং সংযোগী পথ নিৰ্মাণৰ বাবে 700 কোটি, গুৱাহাটী পানী যোগান আঁচনিৰ বাবে 12,000 কোটি, দুধনৈ-মেঘালয় সংযোগী পথ উন্নীতকৰণৰ বাবে 1,500 কোটি টকাৰ এক প্ৰকল্পত ইতিমধ্যে অনুমোদন দিয়া হৈছে ।

ইয়াৰ লগতে কৃষি আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে অতিৰিক্তভাৱে 3,000 কোটি টকা জাপানৰ ফালৰ পৰা আৱন্টন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । গুৱাহাটী মহানগৰীৰ পানীযোগান প্ৰকল্পৰ বিপৰীতে 1,184 কোটি টকা জাইকাৰ পৰা মোকলাই দিয়াৰ কথালৈ আঙুলিয়াই দি এই প্ৰকল্পৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ লেহেমীয়া হোৱালৈকো আঙুলিয়াই অহা বছৰৰ ভিতৰতে সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কালাডিন কেন্দ্ৰীক পৰিস্থিতিৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে, পৰিস্থিতি জটিল আছিল যদিও শেহতীয়াকৈ উন্নত হৈছে । সমাধানৰ বাবে কথা বতৰা চলি আছে ।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত এছ ছুজুকীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু লোকসভাৰ সাংসদ বৈজয়ন্ত পাণ্ডা উপস্থিত থাকে । অনুষ্ঠানৰ পাছত অনুষ্ঠিত সংবাদমেলত ভাৰতত জাপানৰ সাম্ভাব্য বিনিয়োগ সন্দৰ্ভত ৰাষ্ট্ৰদূতগৰাকীয়েও ইতিবাচক মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : মুকলি হ’ল পদ্মশ্ৰী ৰংবং তেৰাঙৰ গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.