গুৱাহাটী, 22 আগষ্টঃ গুৱাহাটী মহানগৰীত অপৰিষ্কাৰ আৰু অনুজ্ঞাপত্ৰ বিহীন হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে অভিযান কালত কেইবাখনো হোটেলক এটা সপ্তাহৰ ভিতৰত পৰিষ্কাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি অভিযানৰ পূৰ্বে খাদ্য সুৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ, পৌৰ নিগম আৰু NVBDCP য়ে যুটীয়াভাৱে মহানগৰীৰ ভাষ্কৰ নগৰত ডেংগু আৰু অন্যান্য ৰোগৰ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত সজগতা সভা অনুষ্ঠিত কৰে ৷
মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান - খাদ্য সুৰক্ষা বিভাগ গুৱাহাটী
গুৱাহাটী মহানগৰীত অপৰিষ্কাৰ আৰু অনুজ্ঞাপত্ৰ বিহীন হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ সাত দিনৰ ভিতৰত পৰিষ্কাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰিবলৈ নিৰ্দেশ হোটেল ৰেষ্টুৰেণ্টৰ মালিকক ৷
গুৱাহাটী, 22 আগষ্টঃ গুৱাহাটী মহানগৰীত অপৰিষ্কাৰ আৰু অনুজ্ঞাপত্ৰ বিহীন হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অব্যাহত আছে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে অভিযান কালত কেইবাখনো হোটেলক এটা সপ্তাহৰ ভিতৰত পৰিষ্কাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ যোগাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰোপৰি অভিযানৰ পূৰ্বে খাদ্য সুৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ, পৌৰ নিগম আৰু NVBDCP য়ে যুটীয়াভাৱে মহানগৰীৰ ভাষ্কৰ নগৰত ডেংগু আৰু অন্যান্য ৰোগৰ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত সজগতা সভা অনুষ্ঠিত কৰে ৷
Body:O/C ::-বজাৰতগৈ কুকুৰাৰ মাংস ক্ৰয় কৰতে সাবধান। কিওনু ৰাজ্যৰ বজাৰ সমূহ ভৰি পৰিছে এতিয়া আমদানিকৃত ক্ৰয়লাৰ মুৰ্গীয়ে। লোকেল মুৰ্গীৰ নামত বজাৰে বজাৰে বিক্ৰী হৈছে এই ক্ৰয়লাৰ মুৰ্গী। দেখাত হুবহু স্থানীয় কুকুৰাৰ নিচিনা এই ক্ৰয়লাৰৰ মাজৰ পাৰ্থক্য সাধাৰণ গ্ৰাহকে ধৰিব নোৱাৰে। এইয়াৰ সুযোগ লৈ একাংশ অসাধু ব্যবসায়ীয়ে আৰম্ভ কৰিছে গ্ৰাহকক ৰামঠগন। লোকেল মুৰ্গীৰ দামত বিক্ৰী কৰিছে এই ক্ৰয়লাৰ মুৰ্গী। যোৱা কালি এই সকল অসাধু ব্যবসায়ীৰ চিকাৰ হল হাইলাকান্দি সদৰ থানাৰ এই গৰাকী উপ-পৰিদৰ্শক এচ চংলই। আৰক্ষী বিষয়া গৰাকীয়ে হাইলাকান্দি বজাৰৰ পৰা ৩২০ টকা কোলো দামত ক্ৰয় কৰি লৈ যায় এইটো ক্ৰয়লাৰ। ঘৰত লৈ যোৱাৰ পিছত আন এজন আৰক্ষী বিষয়ায় স্পষ্ট কৰাই দিয়ে সকলো বস্তু। পিছত আৰক্ষী বজাৰত উপস্হিত হৈ আটক কৰি থানাত লৈ আহে মাংস বিক্ৰেতা এই গৰাকী মজিবুৰ ৰহমান তাপাদাৰ'ক (white shirt)। আৰক্ষীয়ে এইজনৰ বিৰুদ্ধে চিটিং সংক্ৰান্ত এক গোচৰ ৰজু কৰিছে।ইপিনে আৰক্ষী বজাৰত উপস্হিত হোৱাৰ খবৰ পাই আত্মগোপন কৰে অান ব্যবসায়ী সকলে। লোকেল মুৰ্গী ক্ৰয় কৰাৰ নামত এগৰাকী আৰক্ষী বিষয়াক ৰামঠগন দিয়াৰ এই ঘটনায় চাঞ্চল্যৰ সৃষ্টি কৰিছে হাইলাকান্দিত।
byte :: S. Chongloi Sub-Inspector
######
Conclusion: