ETV Bharat / state

মহানগৰীৰ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান - খাদ্য সুৰক্ষা বিভাগ

মালিগাঁৱৰ 7 খন হোটেল-বেকাৰীত তলা লগালে খাদ্য সুৰক্ষা বিভাগে ৷ অপৰিস্কাৰ স্থানত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ ৷ আগলৈও অভিযান অব্যাহত থকাৰ কথা ঘোষণা কৰে অভিযানকাৰী দলটোৱে ৷

food safety department sealed 7 hotels in guwahati
নিয়ম ভংগ কৰা হোটেল-বেকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে খাদ্য সুৰক্ষা বিভাগ
author img

By

Published : Feb 28, 2020, 5:12 PM IST

গুৱাহাটী,28 ফেব্ৰুৱাৰঃ মহানগৰীত কেইবাখনো হোটেল-বেকাৰী ছিল কৰিলে খাদ্য সুৰক্ষা বিভাগে ৷ শুকুৰবাৰে মহানগৰীৰ মালিগাঁৱৰ হোটেল,ৰেষ্টোৰেণ্ট আৰু বেকাৰী সমূহত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগে ৷ অভিযানকালত অপৰিস্কাৰ স্থানত খাদ্য প্ৰস্তত কৰা কেইবাখনো প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে খাদ্য সুৰক্ষা বিভাগে ৷ মালিগাঁৱৰ পাঞ্জাৱী হোটেল,মোহনছ হোটেল,সুভাষ হোটেল,মা হোটেল,ৰমেশ গুপ্তা,বিমল ঘোষ,বিৰিয়ানি চেন্টাৰ আৰু আদাবাৰীৰ ডিলাক্স বেকাৰী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে বিভাগটোৱে ৷ এই আটাইকেইখন হোটেলতে অতি লেতেৰা পৰিৱেশত প্ৰস্তুত কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰোপৰি,আদাবাৰীৰ ডিলাক্স বেকাৰীত ঘোলা কণীৰে বিস্কুট প্ৰস্তুত কৰা স্বচক্ষে প্ৰত্যক্ষ কৰে অভিযানকাৰী দলটোৱে ৷ যাৰ পৰিপ্ৰেক্ষিতত ছিল কৰে ৭খনকৈ হোটেল আৰু এখন বেকাৰী ৷ এই অভিযান নিয়মীয়াকৈ চলি থাকিব বুলিও মন্তব্য কৰে বিভাগটোৱে ৷

নিয়ম ভংগ কৰা হোটেল-বেকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে খাদ্য সুৰক্ষা বিভাগ

লগতে পঢ়কঃজোনাইত একে নিশাই ১৩ খনকৈ দোকানত চুৰিঃ গ্ৰেপ্তাৰ 6 জন অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.