ETV Bharat / state

কণ্টেইনমেণ্ট জ'নৰ দুখীয়া পৰিয়াললৈ বিশেষ সাহাৰ্য চৰকাৰৰ

author img

By

Published : May 18, 2021, 8:27 PM IST

চৰকাৰে দৰিদ্ৰ লোকসকলক কণ্টেইমেণ্টৰ সময়চোৱাৰ বাবে ১৫ কেজি চাউল, ২ কেজি দাইল, ২ লিটাৰ মিঠাতেল, ১ কেজি নিমখ, ৫ কেজি আলু আৰু ২ কেজি পিয়াজ প্ৰদান কৰিব। ১৪ দিনৰ বাবে মুঠ ২,০০০ টকা মূল্যৰ সাহায্য লাভ কৰিব কণ্টেইমেণ্ট জ'নৰ দৰিদ্ৰ পৰিয়ালসমূহে ।

food for containment zone
কণ্টেইনমেণ্ট জ'নত দুই হাজাৰ টকাৰ খাদ্য সামগ্ৰী

গুৱাহাটী, ১৮ মে': ক'ভিডৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিলে সেই অঞ্চলত থকা দৰিদ্ৰ লোকসকলকে লাভ কৰিব চৰকাৰী বিশেষ সাহাৰ্য। এই সন্দৰ্ভত চৰকাৰে জাৰি কৰিলে বিশেষ জাননী।

জাননীত উল্লেখ কৰা মতে চৰকাৰে দৰিদ্ৰ লোকসকলক কণ্টেইনমেণ্টৰ সময়চোৱাৰ বাবে ১৫ কেজি চাউল, ২ কেজি দাইল, ২ লিটাৰ মিঠাতেল, ১ কেজি নিমখ, ৫ কেজি আলু আৰু ২ কেজি পিয়াজ প্ৰদান কৰিব ।

এই খাদ্য সামগ্ৰীৰ বিপৰীতে চাউলৰ মূল্য ৫০০ টকা, দাইলৰ মূল্য ৩০০ টকা, মিঠাতেলৰ মূল্য ৩০০ টকা, ১ কেজি নিমখৰ বাবদ ৩০ টকা, ৫ কেজি আলুৰ বাবদ ১৫০ টকা আৰু ২ কেজি পিয়াজৰ বাবদ ১২০ টকা চৰকাৰী মূল্য ধাৰ্য কৰা হৈছে । তদুপৰি শাক-পাচলি, কণী, গাখীৰৰ বাবদ ৩০০ টকাৰ লগতে আন অত্যাৱশ্য়কীয় সামগ্ৰীৰ বাবদ ৩০০ টকা প্ৰদান কৰিব ।

১৪ দিনৰ বাবে মুঠ ২,০০০ টকা মূল্যৰ সাহাৰ্য লাভ কৰিব কণ্টেইনমেণ্ট জ'নৰ দৰিদ্ৰ পৰিয়ালসমূহে । জিলাসমূহৰ উপায়ুক্তই এই ধন চক্ৰ বিষয়া বা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে খাদ্য সামগ্ৰী আৰু নগদ ধন পৰিয়ালসমূহক প্ৰদান কৰিব।

লগতে পঢ়ক:নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্রৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.