ETV Bharat / state

অধিকাংশ বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ

ৰাজ্যজুৰি অব্যাহত বান বিভীষিকা(Assam flood 2022) । অপৰিৱৰ্তিত বান পৰিস্থিতিয়ে অধিক শংকিত কৰিছে বন্যাৰ্ত ৰাইজক । ইফালে আশ্ৰয় শিৱিৰত বহু বন্যাৰ্তই চৰকাৰী সাহাৰ্য নোপোৱাৰো অভিযোগ উত্থাপন হৈছে(Flood affected people accused of not getting flood relief) । আনহাতে বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ(Brahmaputra flows above danger mark) ।

author img

By

Published : Jun 20, 2022, 10:57 PM IST

অধিকাংশ বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ
অধিকাংশ বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ

গুৱাহাটী , ২০ জুন: ৰাজ্যত বৰ্তমানেও অপৰিৱৰ্তিত বান পৰিস্থিতি(Assam flood 2022) । বানত গৃহহীন হৈ পৰিছে হাজাৰ হাজৰ পৰিয়াল,বিস্তৰ ক্ষতিসাধন হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভুমিৰ । বহু পৰিয়ালে থাকিবলগীয়া হৈছে অনাহাৰ অনিদ্ৰাৰে । বহু অঞ্চলত বানাক্ৰান্তই চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী আৰু খোৱাপানী নোপোৱা বুলি অভিযোগ উত্থাপন হৈছে(Flood affected people accused of not getting flood relief) ।

জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ চিন্তাত দিশহাৰা হৈ পৰিছে বানপীড়িত ৰাইজ । ফলত চৰকাৰৰ ওপৰতে ক্ষোভ উজাৰিছে বন্যাৰ্ত ৰাইজে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্রকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৫,১৩৭খন গাঁৱৰ ৪২ লাখ ২৮ হাজাৰ ১৫৭জন লোক বানৰ কৱলত পৰিছে । আনহাতে, যোৱা ২৪ ঘণ্টাত মুঠ নজনে (ভূমিস্খলনত তিনিজন আৰু বানত ছজন) প্ৰাণ হেৰুৱাইছে ।

বানৰ ফলত এতিয়ালৈকে ১ লাখ ৭ হাজাৰ ৩৭০ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে । বানৰ ফলত গোৱালপাৰাকে ধৰি ৰাজ্যৰ ১৪খন জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰকাশ কৰিছে । বৰপেটাৰ পাঁচ শতাধিক গাঁও, ধুবুৰীৰ চাৰি শতাধিক, দৰং আৰু নলবাৰীৰ তিনি শতাধিক, গোৱালপাৰা আৰু কামৰূপৰ দুই শতাধিক গাঁও বানৰ কৱলত পৰিছে । তদুপৰি কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, নগাঁও শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ডেৰ শতাধিক গাঁও আজিও পানীৰ তলত ।

যোৱা এপ্ৰিলৰপৰা এতিয়ালৈকে বান আৰু ভূমিস্খলনত মুঠ ৭১জনে প্ৰাণ হেৰুৱাইছে । ৰাজ্যৰ ১১৪৭টা বান আশ্রয় শিবিৰত বৰ্তমানে এক লাখ ৮৬ হাজাৰ ৪২৪ বানাক্ৰান্তই আশ্ৰয় লৈ আছে । ইপিনে ৰাজ্যৰ কেইবাখনো নৈ উপনৈ সোমবাৰে পুৱাৰ ভাগলৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে । কেন্দ্রীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ বৈছে বিপদসীমাৰ ওপৰেৰে(Brahmaputra flows above danger mark) । ধুবুৰীত বিপদসীমাৰ ০.৭৭ মিটাৰ , যোৰহাটৰ নিমাতীঘাটত ০.৮৭ মিটাৰ ওপৰেৰে আৰু তেজপুৰত বিপদসীমাৰ ০.৫৮ মিটাৰ ওপৰেৰে বৈ আছে বৰলুইত ।

নগাঁৱৰ কামপুৰত কপিলী নৈয়ে ২০০৪ চনৰ বানৰ উচ্চ সীমা (৬১.৭৯ মিটাৰ) অতিক্ৰম কৰি আজিও ৬২.১৫ মিটাৰ অৰ্থাৎ বিপদসীমাৰ ১.৬৫ মিটাৰ ওপৰেৰে বৈ আছে । ইপিনে, ধৰমতুলতো কপিলী নৈ বিপদসীমাৰ ১.৩৯ মিটাৰ ওপৰেৰে বৈ আছে । লগতে বেঁকী, কুশিয়াৰা, মানাহ, পাগলাদিয়া, পুঠিমাৰী আৰু বৰাক নৈৰ জলস্তৰেও বিপদসীমা অতিক্রম কৰিছে বুলি প্ৰকাশ কৰিছে কেন্দ্রীয় জল আয়োগে(Water level of river has increased) ।

কেন্দ্রীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰপেটাত বেঁকী নৈ ০.২৪ মিটাৰ, কৰিমগঞ্জত কুশিয়াৰা ১.৩৬ মিটাৰ,বঙাইগাঁৱত মানাহ ০.১ মিটাৰ,নলবাৰীত পাগলাদিয়া ০.৭৫ মিটাৰ,কামৰূপত পুঠিমাৰী ১.০৭ মিটাৰ আৰু কাছাৰত বৰাক নৈ ১.০৯ মিটাৰ বিপদসীমাৰ পৰেৰে বৈ আছে । কৰিমগঞ্জত কুশিয়াৰা ১.৩৬ মিটাৰ, বঙাইগাঁৱত মানাহ ০.১ মিটাৰ, নলবাৰীত পাগলাদিয়া ০.৭৫ মিটাৰ, কামৰূপত পুঠিমাৰী ১.০৭ মিটাৰ আৰু কাছাৰত বৰাক নৈ ১.০৯ মিটাৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

ইপিনে, অহা ২৪ ঘণ্টাতো ৰাজ্যজুৰি বৃষ্টিপাত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে । গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা মতে,মঙলবাৰেও ৰাজ্যৰ প্ৰায়বোৰ স্থানতে পাতলীয়াৰপৰা মজলীয়া বৰষুণ হ’ব পাৰে । অহা ২৩ জুনলৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে বৃষ্টিপাত অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যোৱা ২৪ ঘণ্টাত ৭ ছেমি বা ততোধিক বৃষ্টিপাত হোৱা অঞ্চলসমূহ হ'ল–শিলচৰ , লক্ষীপুৰ কৰিমগঞ্জ , মাটিজুৰি , ধলাই , বেঁকী ৰোড ব্রীজ , পাণবাৰী , বৰপেটা , মানাহ ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰছিং , ঢেকিয়াজুলি , নলবাৰী , বিজনী আৰু পুঠিমাৰী ।

লগতে পঢ়ক: শিৱসাগৰত বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’লে বিধায়ক অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.