ETV Bharat / state

সোমবাৰে কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা - 76th Independence Day

সোমবাৰে দেশজুৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী(76th Independence Day)। সকলোৱে উত্তোলন কৰিব জাতীয় পতাকা । এই স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন জিলাত মন্ত্ৰী সকলে উত্তোলন কৰিব ত্ৰিৰংগ পতাকা ।

76th Independence Day
স্বাধীনতা দিৱসত প্ৰতিখন জিলাত মন্ত্ৰীয়ে উত্তোলন কৰিব পতাকা
author img

By

Published : Aug 14, 2022, 6:21 PM IST

গুৱাহাটী, ১৪ আগষ্ট: সোমবাৰে দেশজুৰি ৭৬ সংখ্যক স্বাধীনতা(76th Independence Day )দিৱস উদযাপন কৰা হব । স্বাধীনতা দিৱসত ৰাজ্যৰ জিলা সমূহত মন্ত্ৰী সকলে পতাকা উত্তোলন কৰিব । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত স্বাধীনতা দিৱস কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। আনহাতে,মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত,পীযুষ হাজৰিকাই নগাঁৱত,জয়ন্ত মল্ল বৰুৱাই নলবাৰীত,কেশৱ মহন্তই গোলাঘাটত,পৰিমল শুল্কবৈদ্যই কাছাৰত,অজন্তা নেওগে যোৰহাটত,ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত,নন্দিতা গাৰ্লোচাই বৰপেটাত পতাকা উত্তোলন কৰিব । ইপিনে,বিশ্বনাথত উৰ্খাও গৌৰা ব্ৰহ্ম,কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী, ধুবুৰীত ডাঃ ৰণোজ পেগু,শোণিতপুৰত অশোক সিংঘাল, লখিমপুৰত যোগেন মহন,তিনিচুকীয়াত সঞ্জয় কিষাণ আৰু শিৱসাগৰত বিমল বৰাই পতাকা উত্তোলন কৰিব ।

স্বাধীনতা দিৱসত প্ৰতিখন জিলাত মন্ত্ৰীয়ে উত্তোলন কৰিব পতাকা
উল্লেখ্য যে ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱৰ(Azadi ka Amrit Mahotsav) অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga)কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰিবলৈ চৰকাৰে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলাইছিল । ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক ৰাইজে সহাৰি জনাই নিজৰ বাসগৃহ,অনুষ্ঠান প্ৰতিষ্ঠান, দোকানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে । আনহাতে, মহানগৰীৰ পথ ,উৰণসেতু, চৰকাৰী কাৰ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সজাই পৰাই তুলিছে । ইপিনে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বাইক ৰেলী , প্ৰভাত ফেৰী আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে।

লগতে পঢ়ক:অসমৰ 23 গৰাকী আৰক্ষী বিষয়া,জোৱানলৈ পদক ঘোষণা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.