ETV Bharat / state

Lok Sabha election 2024: অসমত কোন কোন সাংসদক এইবাৰ টিকট নিদিয়ে বিজেপিয়ে - BJP MPs of Assam

সমষ্টিত সাংসদৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ পাখি কটা যাব কেইবাজনো বিজেপি সাংসদৰ ৷ বিজেপি- আৰএছএছে সমীক্ষা চলাই বিচাৰিছে নতুন মুখ (BJP gear up for Lok sabha election)। সবিশেষ পঢ়ক...

2024 Lok Sabha election
২০২৪ৰ লোকসভা নিৰ্বাচন
author img

By

Published : Mar 10, 2023, 4:36 PM IST

Updated : Mar 10, 2023, 6:30 PM IST

গুৱাহাটী, ১০ মাৰ্চ: আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ৷ সমগ্ৰ দেশৰ লগতে অসমক লৈয়ো ৰণনীতি প্ৰস্তুত কৰি যোগ- বিয়োগত ব্যস্ত হৈ পৰিছে গেৰুৱা দলটো ৷ অতি গোপন কৌশল আৰু পৰিকল্পনাৰে অসমত আগবাঢ়িছে বিজেপি ৷ দেশজুৰি বিজেপি আৰু আৰএছএছে আগন্তুক লোকসভা নিৰ্বাচনক লৈ চলোৱা সমীক্ষাৰ ভিত্তিত আন ৰাজ্যৰ লগত অসমতো কেইবাজনো সাংসদক এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিকল্প প্ৰাৰ্থী লৈ অসমত লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে দলটোৱে (BJP gear up for Lok sabha election) ৷

স্বাভাৱিকতে প্ৰশ্ন হয়, কিয় বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিব বৰ্তমানৰ কেইবাজনো সাংসদক ? বিজেপিৰ ভিতৰুৱা সূত্ৰ অনুসৰি দলটো আৰু আৰএছএছৰ সমীক্ষাত অসমৰ কেইবাজনো সাংসদে হেৰুৱাইছে জনপ্ৰিয়তা আৰু জনভিত্তি ৷ লগতে নিজ নিজ সমষ্টিত সাংসদকেইজনৰ বিৰুদ্ধে বাঢ়িছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ সেয়ে বিজেপিয়ে কেইবাটাও সমষ্টিত সন্ধান কৰিছে নিৰ্বাচন জয়ী কৰিব পৰা নতুন মুখৰ ৷ গণসংযোগ হেৰুওৱা কমেও ৫ জন সাংসদক বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াৰ পথত আগবাঢ়িছে (BJP new strategy for Assam) ।

বৰ্তমানৰ কোন কোন সাংসদ হেৰুৱাব পাৰে প্ৰাৰ্থিত্ব ?

চৰ্চা অনুসৰি লোকসভাত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সাংসদৰ শীৰ্ষত আছে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ নাম ৷ কুইন ওজাক এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াটো প্ৰায় নিশ্চিত ৷ গুৱাহাটীত বিকল্প ৰূপে প্ৰাৰ্থীৰ সন্ধান চলাইছে দলটোৱে ৷ কুইন ওজাৰ ঠাইত গুৱাহাটীত পুনৰ এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ বাবে যো-জা চলাই প্ৰাৰ্থীৰ সন্ধানত আছে গেৰুৱা দলটো ৷ লগতে চৰ্চাত আছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, যোৰহাটৰ সাংসদ তপন গগৈৰ নাম ৷ লগতে এইবাৰ বিজেপিৰ টিকট নাপাব বুলি চৰ্চালৈ আহিছে বৰাকৰ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ নাম (BJP MPs of Assam) ৷

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টিহীন হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা মঙলদৈৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ দিলীপ শইকীয়াৰ সমষ্টি সলনি কৰি তেজপুৰত প্ৰতিদন্দিতা কৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে যদিও সমষ্টিটোৰ বাবে একেবাৰে নতুন মুখ দিলীপ শইকীয়া ৷ সেয়ে শেষ মুহূৰ্ত্বত দিলীপ শইকীয়াও প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে (Assam political news) ৷

এইদৰে মুঠ ৫ পৰা ৬ গৰাকী বিজেপি সাংসদক বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়াটো প্ৰায় নিশ্চিত ৷ ৰাজ্যিক বিজেপিৰ তথ্য অনুসৰি চলিত মাহৰ শেষৰফালে নাইবা এপ্ৰিলৰ প্ৰথম ভাগতে অসমলৈ আহিব বিজেপিৰ সভাপতি জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দুয়ো নগাঁও আৰু কলিয়াবৰত কেইবাখনো জনসভাৰ লগতে সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Pijush Hazarika on Loksabha elections 2024 : ভূপেন বৰাই আকাশত চাং পতা সপোন দেখে; মন্ত্ৰী পীযুষ হাজৰিকা

মন কৰিবলগীয়া যে, ২০১৯ৰ লোকসভা নিৰ্বাচনতো বিজেপিয়ে অসমত ৫ জন সাংসদক প্ৰাৰ্থিত্ব দিয়া নাছিল ৷ নিৰ্বাচন জয়ৰ ৰণকৌশল হিচাবে ৰমেন ডেকা, ৰামপ্ৰসাদ শৰ্মা, ৰাজেন গোঁহাই, বিজয়া চক্ৰৱৰ্তী আদি জ্যেষ্ঠ নেতাৰ লগতে কামাখ্যা প্ৰসাদ টাছাৰ দৰে যুৱনেতাকো প্ৰাৰ্থিত্ব দিয়া নাছিল বিজেপিয়ে ৷ সমগ্ৰ দেশৰ লগতে অসমতো যে এইবাৰ নিৰ্বাচন জয়ৰ ৰণনীতি মতে ৪ ৰ পৰা ৬ জন বিজেপি সাংসদে প্ৰাৰ্থিত্ব হেৰুওৱাব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

Last Updated : Mar 10, 2023, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.