গুৱাহাটী,২৬ মে': মাটিৰ গণ্ডগোলৰ বাবে আত্মহত্যা কৰিছে জৰ্জ বৰদলৈয়ে (George Bordoloi committed suicide) । বৰদলৈক হাৰাশাস্তি কৰাৰ বাবে মানসিকভাৱে তেওঁ ভাগি পৰিছিল । এতিয়াও ৩০০ বিঘা মাটি ডন বস্ক’ বিশ্ববিদ্যালয়ে দখল কৰি আছে । ইয়াৰ ভিতৰত কিছু অংশ জৰ্জ বৰদলৈ আছিল । কিমান অংশ জৰ্জ বৰদলৈৰ আছিল সেয়া অনুসন্ধান কৰি থকা হৈছে । লগতে কোনো কাৰণতে অপৰাধী সাৰি যাব নোৱাৰে বুলিও উল্লেখ কৰে আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে (George Bordoloi suicide case)। এই কথা প্ৰকাশ কৰিছে মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে ৷
শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে আজি এখন সংবাদমেলত আৰু কয় যে যোৰাবাটত আৰক্ষীৰ জালত পৰিছে ৫ টা দুধৰ্ষ ডকাইত (Assam Police against criminals) । শেহতীয়াভাৱে গুৱাহাটীত বিভিন্ন ঠাইত ডকাইতিৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে যোৰবাট আৰক্ষীয়ে যোৰাবাটত বৃহস্পতিবাৰে অভিযানত ৫ টা ডকাইতক গেপ্তাৰ কৰিছে(Five robbers arrested by Jorabat police) ।
তেওঁ লগতে কয় যে, গুৱাহাটী অভিমুখে এখন অটোৰে আহি থকাৰ সময়তে এই ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰা হৈছে । নিশা ৰাষ্ট্ৰীয় ঘাই পথত অকলে অহা মানুহৰ পৰা নিচাযুক্ত দ্ৰব্য সেৱন কৰাই এই দলটোয়ে চলাই লুটপাত ।
আৰক্ষীয়ে ডকাইত কেইটাৰ পৰা অস্ত্ৰ, নিচাযুক্ত সামগ্ৰী, ATM কাৰ্ড, বুজন পৰিমাণৰ ধন আদি উদ্ধাৰ কৰে । ধৃত ডকাইতকেইটা মণি কলিতা, লেবিনান বড়ো, হৰিশচন্দ্ৰ দেৱ বৰ্মন, নাছিৰ আলী আৰু বিকি ছেত্ৰী বুলি জানিব পৰা গৈছে । হাতীগাঁৱৰ হত্যা কাণ্ডৰ লগত এই দলটো জড়িত আছিল নেকি সেই বিষয়েও সোধা পোছা চলি আছে বুলি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । ইপিনে ভেটাপাৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ ওপৰতো তদন্ত চলাই থকা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: শিলৰ কুৱেৰী আৱন্টনৰ ঘটনা: অভিযুক্ত কোন ?