ETV Bharat / state

Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ - বজালীৰ ধনদাবী কাণ্ড

পুনৰ অসম আৰক্ষীক কলংকিত কৰিলে খকুৱা আৰক্ষীয়ে ৷ চুপাৰী ব্যৱসায়ীৰ পৰা ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল বজালীৰ পাঁচগৰাকী লুভীয়া আৰক্ষী ৷ পোহৰলৈ আহিছে অসম আৰক্ষীৰ বহু কলংকিত অধ্যায় ৷

Bajali Corruption Case
Bajali Corruption Case
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:44 PM IST

পুনৰ অসম আৰক্ষীক কলংকিত কৰিলে খকুৱা আৰক্ষীয়ে

গুৱাহাটী, ২ ছেপ্টেম্বৰ: বজালী আৰক্ষীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ । ভৱানীপুৰ আৰক্ষী চকীৰ SI দেৱজিৎ গিৰি, পাটাছাৰকুছিৰ থানাৰ ASI শশাংক দাস, ASP গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনজামামুল হাছান, আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় ৰয়, হোমগাৰ্ড নাবীৰ আহমেদক গ্ৰেপ্তাৰ কৰে CIDয়ে । শনিবাৰে অদালত হাজিৰ কৰোৱা হয় ৫ গৰাকী আৰক্ষীক ।

বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কৰাগাৰী গাঁৱৰ চুপাৰি ব্যৱসায়ী ৰবিউল ইছলামক ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৫ গৰাকী আৰক্ষীক । শুকুৰবাৰে দিনজোৰা জেৰাৰ পিছতে বজালি জিলাৰ উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈক যাবলৈ দিয়ে । ইতিমধ্যে শুকুৰবাৰে আটক কৰা ৭ জনকৈ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰিছে ।

ঘটনা অনুসৰি ১৬ জুলাইৰ নিশা ১.৩০ বজাত বজালী আৰক্ষীৰ এটা দল উপস্থিত হৈছিল ৰবিউল ইছলামৰ কৰাগাৰী গাঁৱৰ বাসগৃহত ৷ বলপূৰ্বক ঘৰৰ দৰ্জা ভাগি প্ৰৱেশ কৰিছিল আৰক্ষীৰ দলটো । ঘৰত থকা ৰবিউলৰ পৰিয়ালক অকথ্য গালি গালাজ কৰি ৰবিউলৰ কোঠাত অভিযান চলাই ড্ৰাগছ আৰু নগদ ধন ক’ত আছে বিচাৰিছিল ।

কিন্তু ৰবিউলে নাই বুলি কোৱাত গাড়ীৰ চাবি, মোবাইল, বেংকৰ পাছবুক, এ টি এম কাৰ্ড, পাছপোৰ্টকে ধৰি আৱশ্যকীয় ডকুমেণ্ট আৰক্ষীৰ দলটোৱে জব্দ কৰিছিল । তাৰ পাছত ৰবিউলক নিশাই লৈ যোৱা হয় ভৱানীপুৰ আৰক্ষী চকীলৈ ।

১৭ জুলাইত দিনৰ ১২ বজাত ৰবিউলক লৈ যোৱা হয় বজালীৰ এছ পিৰ চৰকাৰী বাসভৱনলৈ । উপস্থিত হোৱাৰ পিছত আৰক্ষী অধীক্ষকে অবৈধ সামগ্ৰীৰ তথ্য বিচাৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰে । সেই সময়তে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৰবিউলক বাহিৰলৈ উলিয়াই আনি ৮০ খন সোনৰ বিস্কুটৰ সন্ধান বিচাৰে । তেতিয়াও ৰবিউলে একো নাজানো বুলি মন্তব্য কৰে ।

তাৰ পাছত বিয়লি ৩ বজাত পুনৰ ভৱানীপুৰ আৰক্ষী চকী লৈ যোৱা হয় ৰবিউলক । তাত কেইবাগৰাকীও আৰক্ষী বিষয়াই ৰবিউলে তথ্য নিদিলে গুলীয়াই দিয়াৰ ভাবুকি দিয়ে ৷ তাৰ পিছত নিশা কহৰা নামৰ ঠাইলৈ ৰবিউলক লৈ যোৱা হয় । তাত জেহাদীৰ লগত সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিবলৈ দিয়া হয়, অন্যথা এনকাউণ্টাৰ কৰাৰ ভাবুকি দিয়ে ।

তাৰ পিছত সেই স্থানত হিন্দী ভাষীৰ লোক এজনে আঢ়ৈ কোটি দাবী কৰি দহ লাখ আগতীয়াকৈ দিবলৈ কয় ৰবিউলক । দাবী কৰা ধন দিবলৈ মান্তি হোৱাৰ পাছত পুনৰ ৰবিউলক লৈ অহা হয় ভৱানীপুৰ আৰক্ষী চকীলৈ ।

তাৰ পৰা বাঘমৰা আৰক্ষী চকীলৈ লৈ যোৱা হয় ৰবিউলক । তাত ৰবিউলে দহ লাখ টকা ধন আদায় দিয়াৰ উপৰিও মাতৃৰ ২১ খন চেকত চহী কৰি আৰক্ষীৰ হাতত দিয়ে । কিন্তু পুনৰ ASP গায়ত্ৰী সোনোৱাল উপস্থিত হৈ বাকী থকা আঢ়ৈ কোটি টকা ৰবিউলৰ পৰা বিচাৰে ৷ ৰবিউলে দিয়াৰ কথা স্বীকাৰ কৰাৰ অন্তত জব্দ কৰা সামগ্ৰী নিদিয়াকৈ যাবলৈ দিয়া হয় ।

পুনৰ আৰক্ষীয়ে ১৯ জুলাইত ৰবিউলক আৰক্ষী থানাত হাজিৰ হ’বলৈ দিয়াৰ লগতে নিশা ASP ক এক স্থানত লগ কৰি দিব লগা ধনখিনি দিব কোৱা হৈছিল । কোনো গোচৰ ৰুজু নকৰাকৈয়ে হাতত হেণ্ডকাফ লগাই দুটাকৈ দিন আৰক্ষীৰ জিম্মাত ৰখা হৈছিল ৰবিউলক । অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক দিব লগা ধনক লৈ আৰক্ষীৰ হৈ মধ্যস্থতা কৰিছিল দালাল কিশোৰ বৰুৱাই ।

নবীৰ আৰু দীপজয়ে পুনৰ ৰবিউলৰ ভগ্নীক লগ কৰি আঢ়ৈ কোটি টকা SP সিদ্ধাৰ্থক দিব কৈছিল । ধন দিব নোৱাৰাৰ কথা কৈ আৰক্ষীৰ ওচৰ চপা নাছিল ৰবিউল । তাৰ পিছত ভিজিলেন্সৰ সহায়ৰ বাবে আগবাঢ়িছিল ৰবিউল ।

কিন্তু জাল পাতিও ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ধনদাবী কাণ্ডত জড়িতক । আৰু ভিজিলেন্সৰ নিৰ্দেশ মৰ্মে ৰবিউলে CID ৰ কাষ চাপি সমগ্ৰ কথা বৰ্ণনা কৰি ৩১ আগষ্টত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰ ভিত্তিত ১৪/২৩ নম্বৰত চি আই ডিত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ধৃত ৫ জন আৰক্ষীক ।

লগতে পঢ়ক: Bharat Narah: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ গ্ৰহণযোগ্যতা হেৰুৱাইছে; ভৰত নৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.