ETV Bharat / state

River Ranching Program: ব্ৰহ্মপুত্ৰত এক লাখ মাছৰ পোনা মেলিলে মন্ত্রী পৰিমল শুক্লবৈদ্যই - ব্ৰহ্মপুত্ৰত এক লাখ মাছৰ পোনা মেলিলে

মাছৰ প্ৰজনন ক্ষমতা তথা বংশ বৃদ্ধিৰ বাবে চৰকাৰৰ বিশেষ উদ্যোগ গ্ৰহণ । প্ৰধানমন্ত্রী মৎস সম্পদ যোজনাৰ অধীনত আজি ২ লাখ মাছৰ পোনা এৰি দিয়া হৈছে ব্ৰক্ষ্মপুত্ৰত । ১ লাখ মাছৰ পোনা উজানবজাৰ ঘাটত আৰু ১ লাখ মাছৰ পোনা শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বুকুত এৰি দিয়া হৈছে । অসমৰ ২২ খন জিলাৰ নদীসমূহত ২৯ লাখ মাছৰ পোনা এৰি দিয়াৰ লক্ষ্য স্থিৰ । ব্যয় হ'ব মুঠ ৮৭ লাখ টকা ।

Fisheries Minister Parimal Suklabaidya attend the River Ranching Programme
ব্ৰহ্মপুত্ৰত এক লাখ মাছৰ পোনা মেলিলে মন্ত্রী পৰিমল শুক্লবৈদ্যই
author img

By

Published : Nov 10, 2022, 3:52 PM IST

Updated : Nov 10, 2022, 4:17 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্রী মৎস সম্পদ যোজনাৰ (Pradhan Mantri Matsya Sampada Yojana) অধীনত বৃহস্পতিবাৰে মহানগৰীৰ উজানবজাৰ ঘাটত ৰিভাৰ ৰেঞ্চিং এক কাৰ্যসূচী (River Ranching Program) অনুষ্ঠিত কৰা হয় । প্ৰধানমন্ত্ৰী মৎস‍্য সম্পদ যোজনা ২০২১-২২ অধীনত কামৰূপ মহানগৰ জিলা মীন উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত মন্ত্রী পৰিমল শুক্লবৈদ্যই অংশগ্ৰহণ কৰে(Fisheries Minister Parimal Suklabaidya)।

বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মহাবাহুৰ বুকুত মাছৰ পোনা মেলি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । মাছৰ প্ৰজ্বনন ক্ষমতা বৃদ্ধি তথা বংশবৃদ্ধিৰ উদ্দেশ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । এই যোজনাৰ নিয়ম অনুসৰি ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ এক কিলোমিটাৰ ব‍্যাসাৰ্দ্ধৰ এলেকাত মাছ ধৰা বন্ধ ৰাখিবলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যই সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনায় ।

লগতে পঢ়ক: Mass fishing in Ramfalbil : লঙা নৈত হেজাৰ হেজাৰ জনতাৰ সমূহীয়া মৎস্য চিকাৰ

এই যোজনাৰ অধীনত আজিৰ দিনটোত ২ লাখ মাছৰ পোনা এৰি দিয়া হৈছে ব্ৰক্ষ্মপুত্ৰত। ইয়াৰে ১ লাখ মাছৰ পোনা উজানবজাৰ ঘাটত এৰি দিয়াৰ বিপৰীতে ১ লাখ মাছৰ পোনা শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বুকুত এৰি দিয়া হৈছে । উল্লেখ্য যে অসমৰ ২২ খন জিলাত বৰাক, ব্ৰহ্মপুত্ৰ তথা আন আন নদীসমূহত ২৯ লাখ মাছৰ পোনা এৰি দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে । এই কাৰ্যসূচীত সৰ্বমুঠ ৮৭ লাখ টকা ব্যয় কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যই ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে মীন খণ্ডৰ বিকাশ আৰু উন্নয়নৰ বাবে 'প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা' (PMMSY) আৰম্ভ কৰিছিল । এই আঁচনিৰ অধীনত চৰকাৰে মৎস পালনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অনুদান বা ৰাজসাহায্যৰ ৰূপত সহায় আগবঢ়ায় । ২০১৯ চনৰ ৫ জুলাইত ২০১৯–২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সময়ত ভাৰতৰ সংসদত ভাষণ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আঁচনিৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক: Mass fishing in Jamlai: জামলাই বিলত লগে ভাগে মাছ ধৰিছে একাংশ জনজাতীয় মহিলাই

Last Updated : Nov 10, 2022, 4:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.