গুৱাহাটী, 6 ডিচেম্বৰ : চলিত বছৰটোৰ এপ্ৰিল মাহতেই অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বি টি চি) অঞ্চলৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন । ক’ভিড কেন্দ্ৰিক অচলাৱস্থাৰ বাবে স্থগিত ৰখা এই বহু প্ৰতীক্ষিত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন অহা 7 ডিচেম্বৰ । স্বাভাবিকতেই প্ৰতিটো দল তথা প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান এই সময়ত তুংগত উঠাৰ পিচত শনিবাৰে ক্ৰমে ওদালগুৰি আৰু বাক্সা জিলাত শেষ পৰ্যায়ৰ অভিযানৰ সামৰণি পৰে ।
![first phase of btc election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9780681_kd.jpg)
মনকৰিবলগীয়া যে, যোৱা কেইদিনত নিজৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ বাবে বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত প্ৰচাৰ অভিযান চলোৱাৰ পিছত যোৱা তিনিদিনৰ অভিযানত অংশগ্ৰহণ কৰে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । তেওঁ ওদালগুৰি, মঠনগুৰি, দিহিৰাকে ধৰি কেতবোৰ অঞ্চলত জনসভা সম্বোধন কৰে । তিনিটা কাৰ্যকালৰ শাসকীয় দল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল আৰু প্ৰাক্তন এবছু নেতা প্ৰমোদ বড়োৰ নেতৃত্বত থকা ইউপিপিএল দলৰ মাজত অব্যাহত প্ৰতিদ্বন্দিতাৰ বৰ্তমানতে বিজেপিৰ এই প্ৰচাৰে নিৰ্বাচনী পৰিবেশক নতুন মাত্ৰা দিছে । সেয়ে পূৰ্বে বিজেপিৰ মাত্ৰ তিনি-চাৰিজন প্ৰাৰ্থীৰহে বিজয় নিশ্চিত আছিল যদিও সেই সংখ্যা এতিয়া আঠ- নজনলৈ বঢ়া পৰিলক্ষিত হৈছে ।
![first phase of btc election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9780681_p.jpg)
এনে পৰিৱৰ্তিত পৰিস্থিতিত স্বাভাবিকতেই সংকটৰ সন্মুখীন হৈছে শাসকীয় বিপিএফ দল । দিছপুৰত থকা চৰকাৰ খনৰ অন্যতম সহযোগী দল হোৱাৰ পিছতো বিজেপিৰ দ্বাৰা প্ৰতাৰিত হ’বলৈ ওলোৱা বিপিএফে এই সংকটক কিদৰে প্ৰতিহত কৰে সেই কথা হৈ পৰিছে বিটিচি নিৰ্বাচনৰ মূল আকৰ্ষণ । দেখা গৈছে যে, এই মূহুৰ্তত বিপিএফৰ দুই মূল নেতা হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্ম অধিক আক্ৰমনাত্মক হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ।
![first phase of btc election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9780681_th.jpg)
শনিবাৰে ককিলাবাৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত চন্দন ব্ৰহ্মই তীব্ৰ কটাক্ষ কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ লালসাত বিটিচিত তেওঁৰ আধিপত্য দেখুৱাই কৃতিত্ব অৰ্জন কৰিব বিচাৰিছে । কিন্তু তেওঁৰ সেই আশা কেতিয়াও সফল নহয় । তেওঁ এই জনসভাত বিপিএফৰ চৰকাৰ হ’লে বিটিআৰ চুক্তি বাতিল কৰা হ’ব বুলিও ঘোষণা কৰে । ইটিভি ভাৰতৰ আগতো মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷
কাৰ্যতঃ ৰাজ্যিক প্ৰেক্ষাপটত দুই সহযোগী দল বিজেপি আৰু বিপিএফৰ মাজত আৰম্ভ হোৱা এই অৰিয়াঅৰিত কিছু পৰিমানে হ’লেও ইউপিপিএল দল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা স্পষ্ট হৈ উঠিছে । অৱশ্যে তাৰ মাজতে কোনো ধৰণৰ যতি নপৰাকৈ প্ৰমোদ বড়োৰ নেতৃত্বত দলটোৱে অব্যাহত ৰাখিছে ব্যাপক প্ৰচাৰ অভিযান । সমীক্ষা অনুসৰি ইউপিপিএল দলে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হবলগীয়া চিৰাং আৰু কোকৰাঝাৰ জিলাত অধিক ভাল ফল দেখুওৱাৰ সম্ভাৱনা আছে ।
![first phase of btc election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9780681_tj.jpg)
উল্লেখ্য যে মুঠ চল্লিশটাকৈ পৰিষদীয় সমষ্টিৰে গঠিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন অহা 10 ডিচেম্বৰ ৷ অহা 12 ডিচেম্বৰত ভোট গণনা হোৱাৰ পিছত সেইদিনাই ফলাফলো পোহৰলৈ আহিব । এই নিৰ্বাচনত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ আশংকাৰ বাবে চাৰিওখন জিলাতে ইতিমধ্যে নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক : ভাৰত-চীন সীমান্ত যোগাযোগ ব্যৱস্থা উন্নতঃ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা