ETV Bharat / state

ULFA Combat Trainer Mani Hazarika: কৰ্মসংস্থাপনৰ অভাৱত আলফামুখী হৈছে নতুন প্ৰজন্ম !

author img

By

Published : Jan 3, 2023, 8:52 PM IST

আলফাত থকা সময়ৰ অভিজ্ঞতাৰে প্ৰকাশ পালে ‘লাইট ডাউন’ শীৰ্ষক এখন গ্ৰন্থ ৷ গ্ৰন্থখন লিখি উলিয়াইছে আলফাৰ প্ৰথম মহিলা প্ৰশিক্ষক মণি হাজৰিকাই ৷ পৰেশ বৰুৱা আলোচনাৰ মজিয়ালৈ অহা-নহাৰ সন্দৰ্ভতো মন্তব্য কৰিলে মণি হাজৰিকাই ৷ কৰ্ম সংস্থাপনৰ অভাৱৰ বাবেই নতুন প্ৰজন্মৰ যুৱক-যুৱতী আলফা(স্বা)মুখী হোৱা বুলিও মন্তব্য কৰিলে আলফা(স্বা)ৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে (First female ULFA combat Mani Hazarika)৷

ULFA Combat Trainer Mani Hazarika
আলফাৰ প্ৰথম মহিলা প্ৰশিক্ষক মণি হাজৰিকা
আলফাৰ প্ৰথম মহিলা প্ৰশিক্ষক মণি হাজৰিকা

গুৱাহাটী, ৩ জানুৱাৰী : কৰ্মসংস্থাপনৰ অভাৱৰ বাবেই শিক্ষিত যুৱক-যুৱতী আলফামুখী হৈছে ৷ চৰকাৰে পৰেশ বৰুৱাৰ দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰিলে কোনোকালে আলোচনা সম্ভৱ নহ’ব ৷ আলফা(স্বা)ৰ সংগ্ৰামখন এতিয়া এলেকাভিত্তিক হৈ আছে, অসমৰ প্ৰেক্ষাপটত আলফা(স্বা)ৰ সংগ্ৰাম প্ৰায় অস্তিত্বহীন ৷ মঙলবাৰে অসম গ্ৰন্থমেলাৰ বাকৰিত সাংবাদিকৰে হোৱা মতবিনিময়ত এইদৰে মন্তব্য কৰিলে আলফাৰ প্ৰথম মহিলা প্ৰশিক্ষক মণি হাজৰিকাই(First female ULFA combat trainer Mani Hazarika)৷

আলফাৰ প্ৰথম নাৰী সৈনিক দলৰ অন্যতম সদস্যা তথা শীৰ্ষ আলফাক সামৰিক প্ৰশিক্ষণ দিয়া দুৰ্ধৰ্ষ নেত্ৰী ছেকেণ্ড লেফটেনেণ্ট মণি হাজৰিকাই আলফা(স্বা)ত থকা সময়ৰ অভিজ্ঞাতাৰে লিখি উলিয়াইছে ‘লাইট ডাউন’ শীৰ্ষক এখন গ্ৰন্থ (Light Down book by Mani Hazarika)৷ অসম গ্ৰন্থমেলাত ইতিমধ্যে উপলব্ধ হৈছে চাক্ষুষ অভিজ্ঞতা সন্নিৱিষ্ট গ্ৰন্থখনখন ৷ গ্ৰন্থখন লিখিবলৈ উপন্যাসিকা ৰীতা চৌধুৰীয়ে উৎসাহ যোগোৱা বুলি জানিবলৈ দিয়ে মণি হাজৰিকাই ৷

মঙলবাৰে গ্ৰন্থমেলাৰ ৰীডছ ফেক্টৰী বিপণিত উপস্থিত থকা আলফা(স্বা)ৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে আলফা(স্বা)ৰ সন্দৰ্ভত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ সাংবাদিকৰে মত বিনিময় কৰি আলফাৰ অতীত আৰু ভৱিষ্যত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মণি হাজৰিকাই ৷ এসময়ত শীৰ্ষ আলফাক সামৰিক প্ৰশিক্ষণ দিছিল এইগৰাকী আলফাৰ ছেকেণ্ড লেফটেনেণ্ট মণি হাজৰিকাই (Member of ULFA first female fighting unit)। মণি হাজৰিকাই কয়- ‘‘পৰেশ বৰুৱাই(ULFA Chief Paresh Baruah) মোক মণি মা বুলি মাতিছিল । তেওঁ সপোনতো ভবা নাছিল অসমৰ মহিলাই ইমান কষ্ট কৰিব পাৰিব বুলি । সেইবাবে প্ৰথম অৱস্থাত পৰেশ বৰুৱাই আলফাত মহিলাৰ যোগদানক লৈ অসন্তুষ্ট হৈছিল’’ ।

তেওঁ লগতে কয় ‘‘ভাৰতবৰ্ষৰ লগত যুদ্ধ কৰা আমাৰ লক্ষ্য নাছিল, ৰাইজক সজাগ সচেতন কৰাহে আমাৰ লক্ষ্য উদ্দেশ্যে আছিল । কিন্তু ভাৰতীয় প্ৰশাসনে আগতীয়াকৈ যুদ্ধ আৰম্ভ কৰি দিলে ৷ অসমৰ পটভূমিত আলফাৰ সংগ্ৰামখন নাই বুলি ক’ব পাৰি ৷ এতিয়া সংগ্ৰাম এটা এলেকাভিত্তিক হৈ পৰিছে’’ ।

তেওঁ লগতে কয় যে সঠিক সন্মান চৰকাৰে নিদিলে হয়তো পৰেশ বৰুৱা আলোচনালৈ নাহে । আলোচনা আলোচনা হৈয়েই থাকি যাব । যি উদ্দেশ্যৰে সংগঠনটোৰ জন্ম হৈছিল সেই উদ্দেশ্য সফল হোৱা নাই বুলি মন্তব্য কৰে মণি হাজৰিকাই ৷ সংগঠনটোৰ প্ৰতিটো দিশতে সংগঠনটোত থকা মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলিও তেওঁ জানিবলৈ দিয়ে ৷

তেওঁ লগতে কয়- ‘‘অসমৰ ৰাজনৈতিক অথবা সামাজিক ইতিহাসত অসম আন্দোলন অথবা আলফাৰ অধ্যায়টোক এৰাই চলিব নোৱাৰোঁ । সংগ্ৰাম চলাই যাবলৈ অস্ত্ৰৰ প্ৰয়োজন হয় । সাৰ্বভৌমত্ব এতিয়া আৰু সম্ভৱ নহয়’’৷ আনহাতে নৱপ্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে আলফা(স্বা)ত যোগদান কৰা বিষয়কলৈ তেওঁ কয় যে নিৱনুৱা সমস্যা আৰু ক্ষোভৰ বাবে আলফালৈ গৈছে নতুন প্ৰজন্ম । নতুন প্ৰজন্মই বহু পঢ়া শুনা কৰাৰ পিছত কোনো কৰ্মসংস্থাপন নোপোৱাত খং আৰু ক্ষোভত সেই পথ বাছি লয় বুলি মোৰ ধাৰণা হয় বুলি মন্তব্য কৰে মণি হাজৰিকাই ।

লগতে পঢ়ক: Zero rhino poaching in 2022 : 2022ত নহ’ল এটাও গঁড়হত্যা, ৰাজ্যবাসীক অভিনন্দন প্ৰধানমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.