গুৱাহাটী,১৯ মে': ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা লিউক'ৰমাইক'ছিছ নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী । কেৱল ধৰা পৰাই নহয়, বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এপল' হাস্পতালত তেওঁৰ মৃত্যুও ঘটিছে । আজি পুৱা ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে ।
ডাঃ বৰ্মনে কয় যে বৰ্তমানলৈকে এই ভয়ংকৰ ৰোগবিধৰ উপস্থিতি অসমত ধৰা পৰা নাছিল যদিও শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত হৈ বুধবাৰে পুৱা গুৱাহাটীৰ এপ’ল' হাস্পতালত নগাওঁ জিলাৰ ধিঙৰ কুলমণি বৰা (২৭) নামৰ লোকজনৰ মৃত্যু ঘটে । বিগত ৬ মে'ত তেওঁ হাস্পতালত ভৰ্তি হৈছিল ।
উল্লেখযোগ্য যে, ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত সাধাৰণতে এই নতুন ৰোগবিধে শৰীৰত আক্ৰমণ চলাব পাৰে । ই ইমানেই ভয়ংকৰ যে ৰোগীক বচাবলৈ শৰীৰৰ পৰা এটা চকু অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই দিবলগীয়া হয় । ইতিমধ্যে দেশৰ ভিন্ন অঞ্চলত এইবিধ ৰোগে আতংকৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: প্ৰতিষেধক লোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ল’বলগীয়া যতন