গুৱাহাটী,২০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত দেওবাৰে পুৱাই সংঘটিত হয় গুলীচালনাৰ এক ঘটনা (Firing incident in Guwahati )। প্ৰেমজনিত কাৰণত সংঘটিত হয় এই ঘটনা । মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে প্ৰেমিকাৰ সম্পৰ্কীয় ককায়েকে মানি লোৱা নাছিল এই সম্পৰ্ক ।
সেইসূত্ৰে পশ্চিমবংগৰ পৰা আহি প্ৰেমিকে গুৱাহাটীৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ গুলী চলাই ককায়েকক (Attempt to murder case in Basistha)। গুলীবিদ্ধ যুৱকজনৰ নাম প্ৰেম কুমাৰ দেৱ বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰি কোঠালিৰ ভিতৰত আত্মগোপন কৰিছিল অভিযুক্ত প্ৰেমিকে । ঘটনাটো সংঘটিত হয় বশিষ্ঠ অঞ্চলৰ বঙালীপাৰাত ।
জানিব পৰা মতে বঙালীপাৰাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পশ্চিমবংগৰ যুৱক সমৰ ৰয়ৰ । কিন্তু তেওঁৰ প্ৰেমৰ এই সম্পৰ্কৰ মাজত বাধা আছিল প্ৰেমিকাৰ সম্পৰ্কীয় ককায়েক । যাৰ বাবে পশ্চিমবংগৰ পৰা আহি প্ৰেমিক সমৰ ৰয় পুৱাই উপস্থিত হয় প্ৰেমিকাৰ ঘৰত ।
উপস্থিত হৈ প্ৰেমিকাৰ ককায়েক প্ৰেম কুমাৰ দেৱনাথক লক্ষ্য কৰি গুলীচালনা কৰি ঘৰটোতে আত্মগোপন কৰে । পাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘাতক সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে দীৰ্ঘসময় ঘৰটো ঘেৰি ৰাখি অৱশেষত পিষ্টলসহ সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰে ।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । লগতে ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । ইফালে ঘাতক সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰাৰ পাছত স্থানীয় ৰাইজে তেওঁক আক্ৰমণ কৰাৰ বাবে উদ্যত হৈ পৰে ।
অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰি ঘাতক সমৰ ৰয়ক থানালৈ লৈ যায় । ইফালে আহত প্ৰেম কুমাৰ দেৱনাথক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাটোক লৈ অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে ।
লগতে পঢ়ক :Police raid in Nagaon: দুৰ্নীতিগ্রস্ত কৰ পৰিদৰ্শকৰ অট্টালিকাত আৰক্ষীৰ অভিযান