গুৱাহাটী, 23 জানুৱাৰীঃ বৃহস্পতিবাৰে ৰাইজৰ তৎপৰতাত অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে মহানগৰীৰ মাছখোৱাৰ বৃহৎ অঞ্চল ৷ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ আস্থানৰ সমীপত সংঘটিত হয় ঘটনা । বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত হোৱা বিসংগতি বাবেই সংঘটিত হয় অগ্নিকাণ্ড । আৰক্ষীৰ ভাষ্য অনুসৰি, বহু পুৰণি বিদ্যুৎ সংযোগ ব্যৱস্থাৰ বাবে সংঘটিত হয় ঘটনাটো ।
![মাছখোৱা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-fireatmachkhuwa-visbite-7205569_23012020131830_2301f_00032_484.jpg)
আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ লগতে সংলগ্ন এটি গুদামত নিয়ম বৰ্হিভূতভাবে ৰখা ৰাসায়নিক দ্ৰব্য আৰু বহ কেইটা ছিলিণ্ডাৰ পোৱা গৈছে ৷ গতিকে বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত থকা বিসংগতি সমূহ দূৰ নকৰা পৰ্যন্ত বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বেলতলাৰ ৱায়াৰলেছত সংঘটিত হয় আন এক ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত নিহত হয় দুটি শিশু ৷ মৃত্যু হোৱা শিশু দুটি হৈছে ক্ৰমে ঈশান গোস্বামী আৰু ইবান গোস্বামী ৷
আৰু পঢ়কঃ বঢ়মপুৰত ভয়াবহ অগ্নিকাণ্ড