ETV Bharat / state

Water pipe explosion: খাৰঘুলিৰ জল বিষ্ফোৰণৰ ঘটনাৰ উচিত তদন্তৰ দাবীত গোচৰ ৰুজু - Bursting pipes of JICA water supply project

বৃহস্পতিবাৰে জাইকাৰ নিৰ্মীয়মান পানীযোগান আঁচনিৰ পাইপ ফুটি প্ৰায় 500 মিটাৰ পৰ্যন্ত উচ্চতালৈ উঠে পানীৰ ফোঁৱাৰা (Bursting pipes of JICA water supply project) ৷ খাৰঘুলিৰ জল বিষ্ফোৰণৰ ঘটনাৰ উচিত তদন্তৰ দাবীত থানাত গোচৰ ৰুজু ৰাইজৰ দলৰ । ভুক্তভোগীক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজৰ দলৰ ।

Case filed demanding proper probe into water pipe explosion case
খাৰঘুলিৰ জল বিষ্ফোৰণৰ ঘটনাৰ উচিত তদন্তৰ দাবীত গোচৰ ৰুজু
author img

By

Published : May 26, 2023, 10:18 PM IST

গুৱাহাটী,২৬ মে': বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘুলিত জলব'ৰ্ডৰ নৱনিৰ্মিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা বৃহৎ পানীৰ সোঁতে অঞ্চলটোত মানুহ আৰু সম্পত্তিৰ বৃহৎ ক্ষতি সাধন কৰাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে (Water pipe explosion at Kharghuli) । শুকুৰবাৰে পুৱাৰ ভাগত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চলটোৰ ক্ষয় ক্ষতিৰ বুজ লৈ ভুক্তভোগী পৰিয়ালকেইটাক সাক্ষাৎ কৰে ।

প্ৰতিনিধি দলটোৱে অভিযোগ উত্থাপন কৰে যে গুৱাহাটী জল বো'ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ গাফিলতিৰ ফলতে এই বৃহৎ অঘটন সংঘটিত হ'বলৈ পালে । শেহতীয়াকৈ অঞ্চলটোত উদ্বোধন কৰা জাইকা পানী যোগান প্ৰকল্পৰ অংশ হিচাপে গেমন ইণ্ডিয়াই এই পানীৰ পাইপলাইন স্থাপন কৰিছিল । এই প্ৰকল্পৰ তদাৰক আৰু সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব আছিল গুৱাহাটী জলব’ৰ্ডৰ ওপৰত (Bursting pipes of JICA water supply project) ।

সেয়েহে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, সহকাৰী সম্পাদক আনিচুৰ ৰহমান, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক বিকাশ ডেকা শুকুৰবাৰে লতাশিল থানাত উপস্থিত হৈ গুৱাহাটী জলব’ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, অদক্ষ কাৰিকৰী কৰ্মীৰ হতুৱাই কাম কৰোৱা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৮১/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে (Case filed demanding proper probe into water pipe explosion case) । ৰাইজৰ দলে ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু দায়বদ্ধ পক্ষক জবাবদিহি কৰাৰ বাবে দাবী উত্থাপন কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হৈছিল (Woman died after water pipe burst) । এই ঘটনাত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি বাহনসমূহৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয় । সেয়ে ৰাইজৰ দলে ক্ষতিগ্ৰস্তসকলক অতিশীঘ্ৰে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.