ETV Bharat / state

FIR against Prithviraj Sathe: দিছপুৰ থানা পালেগৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ - Shashikant Das FIR against Prithviraj Sathe

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথেৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ (FIR against Prithviraj Sathe)। পৃথ্বিৰাজ সাথেই তেওঁৰ ভোটটো পৰিকল্পিতভাৱে বাতিল কৰিবলৈ প্ৰাৰোচন কৰাৰ অভিযোগ আনিছে ৰহাৰ বিধায়কজনে ।

FIR against Prithviraj Sathe
দিছপুৰ থানা পালেগৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ
author img

By

Published : Apr 1, 2022, 9:32 PM IST

গুৱাহাটী, 1 এপ্ৰিল: ৰাজ্যসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতো অব্যাহত আছে অভিযোগ-প্ৰতিঅভিযোগৰ জোৱাৰ । বিভিন্ন বাদানুবাদৰ মাজতে শুকুৰবাৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথেৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিলে এজাহাৰ (FIR against Prithviraj Sathe)।

ৰাজ্যসভা নিৰ্বাচনৰ ভোটদানৰ সময়ত ৰিপুন বৰাৰ এজেণ্ট পৃথ্বিৰাজ সাথেই তেওঁৰ ভোটটো পৰিকল্পিতভাৱে বাতিল কৰিবলৈ প্ৰাৰোচন কৰাৰ অভিযোগ আনিছে ৰহাৰ বিধায়কজনে । এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । সংবাদ মাধ্যমৰ আগত বিধায়ক শশীকান্ত দাসে কয় যে, ভোটদান কৰাৰ পাছত তেওঁ নিজৰ বেলট পেপাৰ এজেণ্ট সাথেক দেখুৱাইছিল । কিন্তু সাথেই ভোটটো বাতিল কৰিবৰ বাবে তেওঁক হেঁচা প্ৰয়োগ কৰি মানসিকভাৱে হাৰাশাস্তি কৰিছিল বুলি তেওঁ কয় ।

দিছপুৰ থানা পালেগৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ

পচন্দৰ প্ৰাৰ্থীক দিয়া ভোটটো পৰিকল্পতিতভাৱে বাতিল কৰিবলৈ তেওঁক প্ৰৰোচনা কৰিছিল পৃথ্বিৰাজ সাথেই । যাৰবাবে তেওঁ মানসিকভাৱে ভাঙি পৰিছে বুলি উল্লেখ কৰে । সেয়ে পৃথ্বিৰাজ সাথেৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা বুলি তেওঁ কয় । এজাহাৰ দাখিলৰ সময়ত শশীকান্ত দাসৰ সৈতে সংগ দিয়ে শাসকীয় দলৰ দুই বিধায়ক তৰংগ গগৈ আৰু কৃষ্ণকান্ত তাঁতীয়ে ।

লগতে পঢ়ক: প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.