ETV Bharat / state

দলৰ মজিয়াত বাজেট সন্দৰ্ভত মত বিনিময় বিত্তমন্ত্ৰী অজন্তা নেওগৰ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

সমাজৰ বিভিন্ন স্তৰৰ লোকক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ই-মেইল(Email) আৰু whats app ৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট সকলো প্ৰকাৰৰ লোকক উপকৃত কৰিব পৰাকৈ প্ৰস্তুত কৰাৰ বাবেই এই প্ৰচেষ্টা বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷ বুধবাৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলৰ মজিয়াত বাজেট সন্দৰ্ভত বিত্তমন্ত্রী অজন্তা নেওগ এক আলোচনাত মিলিত হয় । ৰাইজৰ লগতে দলৰ কাৰ্যকর্তাসকলৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লোৱা হ’ব মন্ত্ৰী নেওগৰ বাজেটত ।

finance minister ajanta neog discusses upcoming budget with party leaders
দলৰ মজিয়াত বাজেট সন্দৰ্ভত মত বিনিময় বিত্তমন্ত্ৰী অজন্তা নেওগৰ
author img

By

Published : Jun 30, 2021, 10:39 PM IST

গুৱাহাটী, ৩০ জুন : বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়(state BJP head office)ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ উপস্থিতিত দলৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট(Media panelist) সকলৰ সৈতে আগন্তুক বাজেট(upcoming financial budget) সন্দৰ্ভত মত বিনিময় কৰে । উল্লেখ্য যে, ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে দলৰ কাৰ্যকর্তাসকলৰ পৰা বাজেট সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ হোৱাটছ এপ(whats app) যোগে লাভ কৰিছে বিত্ত বিভাগে । এই সন্দৰ্ভত মন্ত্রী অজন্তা নেওগে(finance minister Ajanta Neog) কয় যে, বিভিন্ন পক্ষৰ পৰা লাভ কৰা পৰামৰ্শসমূহ বাজেটত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

বৈঠকত আগন্তুক সময়ত ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত মূল দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ লগতে দলীয় কাৰ্যকর্তাসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত চৰ্চা কৰা হয় । বৈঠকত দলৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস, সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈৰ লগতে আন আন বিষয়ববীয়া সকল উপস্থিত আছিল ।

finance minister ajanta neog discusses upcoming budget with party leaders
দলৰ মজিয়াত বাজেট সন্দৰ্ভত মত বিনিময় বিত্তমন্ত্ৰী অজন্তা নেওগৰ

উল্লেখ্য যে, সকলোৰে গ্ৰহণযোগ্য এখন সৰ্বাংগসুন্দৰ বাজেট অসমবাসীক উপহাৰ দিবলৈ বিত্তমন্ত্রী অজন্তা নেওগে বিশেষ তৎপৰতা অৱলম্বন কৰিছে । ৰাজ্যৰ আগন্তুক বাজেট সন্দৰ্ভত বিত্ত বিভাগৰ বিষয়াবৰ্গৰ সৈতেও মন্ত্রীগৰাকীয়ে বিভাগীয় সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

বিভাগীয় বিষয়াৰে বাজেটখনত অন্তৰ্ভুক্ত হ'বলগীয়া বিভিন্ন বিষয় সন্দৰ্ভত তেওঁ বিস্তাৰিতভাৱে আলোচনা কৰে । সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ আশা-আকাংক্ষাক প্ৰাধান্য দি কিদৰে এখন জনমুখী বাজেট প্ৰস্তুত কৰিব পাৰি সেই দিশত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ নাৰী সৱলীকৰণ, নিবনুৱা সমস্যা দূৰীকৰণ, কৃষি-বাণিজ্য ক্ষেত্ৰৰ বিকাশৰ লগতে ৰাজ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰ বাজেটত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তেওঁ আলোচনা কৰে । আনহাতে, বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি বিত্ত বিভাগে ইতিমধ্যে ই-মেইল আৰু হোৱাটছএপ নম্বৰো মুকলি কৰিছে ৷

লগতে পঢ়ক : নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.