ETV Bharat / state

Assam Budget 2022-23: বাজেট দাখিলৰ পাছত বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য - অজন্তা নেওগৰ মন্তব্য বাজেট 2022

বিধানসভাত বাজেট দাখিলৰ পিছতে বিত্তমন্ত্ৰী অজন্তা নেওগে সংবাদ মাধ্যমক সম্বোেধন কৰে ৷ বুধবাৰে দাখিল কৰা 2022-2023 বিত্তীয় বৰ্ষৰ বাজেটখন(Assam budget 2022)ৰ সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে নিজেই কি ক’লে চাও আহক...

Assam Budget 2022-23
বাজেট দাখিলৰ পাছত বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য
author img

By

Published : Mar 16, 2022, 9:49 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে বুধবাৰে দ্বিতীয়খন বাজেট(Assam budget 2022) বিধানসভাত দাখিল কৰিলে অজন্তা নেওগে । বিভিন্ন ঘোষণা আৰু আঁচনিৰে বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ বাজেট ভাষণ বিধানসভাত পাঠ কৰাৰ পিছত সদনৰ বাহিৰত সংবাদ মাধ্যমৰ আগত কয় যে, অসম এতিয়া অৰ্থনৈতিকভাবে বিকাশৰ পথেৰে আগবাঢ়িছে ।

ক'ভিড কালীন পৰিস্থিতিয়ে ৰাজ্যখনৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলাইছিল যদিও অসমৰ অৰ্থনীতি যোগাত্মক দিশেৰে আগবাঢ়িছে বুলি মন্তব্য কৰি তেও কয় যে, এইখন বাজেটত অষ্টাদশী মালা নামেৰে ১৮ খন ধ্বজাবাহী আঁচনি ঘোষণা কৰা হৈছে । শিক্ষা, স্বাস্থ্য, নিয়োগ সকলো ক্ষেত্ৰতে এই বাজেটত গুৰুত্ব দিয়া হৈছে । অসমৰ দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলৰ দা-দৰমহা আদিৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত চৰকাৰে ৩৭৫ কোটি টকা মোকলাই দিব বুলিও বাজেটত ঘোষণা কৰা হৈছে । অৱশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে(Finance minister Ajanta Neog) লগতে এই বুলিও কয় যে, পৰৱৰ্তী পৰ্যায়ত এই কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ বাবে আৰু ২২৫ কোটি টকা চৰকাৰে মোকলাই দিব ।

আনহাতে, এইখন বাজেটক লৈ প্ৰশংসা কৰিবলগীয়া একো নাই বুলি বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, বাজেটখন এজন ব্যক্তিৰ বাবে নহয়, অসমৰ তিনি কোটি ত্ৰিশ লাখ জনতাৰ বাবেহে । গতিকে বাজেটখন ভাল নে বেয়া সেই কথা ৰাইজেহে ক’ব বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: Assam Budget 2022: বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.