ETV Bharat / state

বাজেট 2021-22: পাঁচখন জিলাৰ বাবে ভাল খবৰ

author img

By

Published : Jul 16, 2021, 6:26 PM IST

অসমৰ পাঁচখন জিলাত নিৰ্মাণ কৰা হ'ব চিকিৎসা মহাবিদ্যালয় ৷ বাজেট ভাষণত এই কথা ঘোষণা কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওঁগে ৷ গোলাঘাট, বঙাইগাঁও, তামুলপুৰ, ধেমাজি আৰু মৰিগাঁৱত নতুনকৈ পাঁচখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ ৷

assam budget 2021-22 etv bharat assam
2021-22 বৰ্ষৰ অসম বাজেটত পাঁচখন জিলাৰ বাবে ভাল খবৰ..

গুৱাহাটী, ১৬ জুলাই: অসমত স্থাপন হ'ব আৰু পাঁচখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় । ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত এই কথা ঘোষণা কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওঁগে । বিধানসভাত শুকুৰবাৰে দাখিল কৰা বাজেটত বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চৰকাৰে গোলাঘাট, বঙাইগাঁও, তামুলপুৰ, ধেমাজি আৰু মৰিগাঁৱত নতুনকৈ পাঁচখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

প্ৰাৰম্ভিক কামকাজৰ বাবে প্ৰস্তাৱিত এই পাঁচখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিখনলৈকে ১৬ কোটি টকাকৈ বাজেটত ধাৰ্য কৰা হৈছে । বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰৰ কাৰ্যকালতে ঘোষণা কৰিছিল যে, এটা সময়ত অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা হব ।

উল্লেখ্য যে, এই পাঁচখন চিকিৎসা মহাবিদ্যালয়ক সামৰি অসমত এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 20 খনলৈ বৃদ্ধি পালে । ইপিনে, কাৰ্বি আংলঙত স্থাপন কৰা হ"ব এখন ৰাজ্যিক বিশ্ববিদ্যালয় । বিত্ত মন্ত্ৰীগৰাকীয়ে আজি বাজেট ঘোষণা কৰা অনুসৰি অসমৰ ৮ টা স্থানত নতুনকৈ ৮ খন সংখ্যালঘু মহিলা মহাবিদ্যালয় চৰকাৰে স্থাপন কৰিব ।

লগতে পঢ়ক: ৰাজ্যিক বাজেট2021-22 : LIVE UPDATE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.