ETV Bharat / state

Pijush Hazarika: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভূপেন বৰাৰ আছে ব্যক্তিগত শত্ৰুতা; পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:28 PM IST

মন্ত্ৰী পীযুষ হাজৰীকা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত ধাৰাবাহিক বাকযুদ্ধ অব্যাহত আছে ৷ ভূপেন বৰাই যদি এটা কথা কয়, তেন্তে পীযুষ হাজৰীকাই আকৌ দুটা কথা কয় ৷ সম্প্ৰতি যেন ৰাজ্যৰ ৰাজনীতি পীযুষ-ভূপেনময় হৈ পৰিছে ৷ আজি আকৌ ভূপেন বৰাৰ বিষয়ে নক’বলগীয়া কথা এষাৰ কৈ পেলালে পীযুষ হাজৰীকাই...

Pijush Hazarika
Pijush Hazarika
ভূপেন বৰা বনাম মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটী, ৪ অক্টোবৰ: ভূপেন বৰা বনাম মন্ত্ৰী পীযুষ হাজৰীকা ৷ এই বাকযুদ্ধখনৰ কথা কৈ থাকিলে ওৰকেই নপৰে ৷ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিষয়ে নক’বলগীয়া কথা এটা কৈ পেলোৱা বুলি দাবী কৰিছে মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷

ভূপেন বৰাই কিয় সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ? ইয়াৰ আঁৰৰ কাহিনী হিচাবেই পীযুষ হাজৰীকাই হেনো কৈ পেলালে ভূপেন বৰাৰ বিষয়ে নক’বলগীয়া কথা ।

শেহতীয়াভাৱে অমৃত কলহ যাত্ৰাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহায্য বিতৰ্কলৈকে প্ৰায় সকলোতে ভূপেন বৰাই সৰৱ হৈ মাত মাতি আহিছে ৷ এনে প্ৰসংগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাক বক্ৰোক্তি কৰে মন্ত্ৰী হাজৰীকাই ৷ পীয়ুষ হাজৰীকাৰ মতে একান্ত ব্যক্তিগত শত্ৰুতাৰ বাবেই বোলে মুখ্যমন্ত্ৰীক বেয়া পায় ভূপেন বৰাই ৷ সেয়া এতিয়াৰ কথা নহয় ৷ সেয়া বোলে পুৰণি কথা ৷

পীযুষ হাজৰীকাই বুধবাৰে দিশপুৰত ক’লে,“হিমন্ত বিশ্ব শৰ্মা যেতিয়া কটনৰ সাধাৰণ সম্পাদক, একে সময়তে ভূপেন বৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৷ এতিয়া সেই ভূপেন বৰা ক’ত ? হিমন্ত বিশ্ব শৰ্মা ক’ত ? দুয়ো একেলগে আহিছিল ছাত্ৰ ৰাজনীতিলৈ ৷ হিমন্ত বিশ্ব শৰ্মা ৫ বাৰৰ বিধায়ক, ১৮ বছৰ মন্ত্ৰী, আঢ়ৈ বছৰ মুখ্যমন্ত্ৰী । বিজেপিলৈ আহি মন্ত্ৰী হ’ল, মুখ্যমন্ত্ৰী হ’ল ৷ আৰু ভূপেন বৰা ক’ত ! ভূপেন বৰাই 3 বাৰকৈ নিৰ্বাচন হাৰিছে ৷ ২ বাৰহে নিৰ্বাচন জিকিছে । সেয়ে তেওঁ মুখ্যমন্ত্ৰীক হিংসা কৰে । ভূপেন বৰা হিংসুক মানুহ ৷”

পীয়ুষ হাজৰীকাই নিজেই নক’বলগীয়া বুলি উল্লেখ কৰা এই কথাৰ ভূপেন বৰাই আকৌ প্ৰত্যুত্তৰ দিয়ে নে নাই অথবা কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Amrit Kalash Yatra : ভূপেন বৰাই কিয় হিংসা কৰে নিজৰ দলৰ বিধায়ক-সাংসদক ? পীযুষ হাজৰীকাৰ ব্যাখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.