ETV Bharat / state

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

অন্ত পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ যাতায়তৰ অসুবিধা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ হৈ থকা ফেৰী সেৱা পুনৰ মুকলি হ'ল ৷ জলস্তৰ বৃদ্ধি পোৱা বাবে যোৱা দহ দিন ধৰি বন্ধ হৈ আছিল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা ৷

author img

By

Published : Jul 22, 2019, 4:42 PM IST

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

গুৱাহাটী, 22 জুলাইঃ পুনৰ মুকলি হ’ল দহ দিন ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ হৈ থকা ফেৰী সেৱা ৷ বানৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত দহ দিন ধৰি বন্ধ কৰি ৰখা হৈছিল ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা । অৱশেষত অন্ত পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ যাতায়তৰ অসুবিধা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিগত দহ দিন ধৰি বন্ধ কৰি ৰাখিছিল ফেৰী সেৱা ৷

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

সোমবাৰে পুৱা ৭ বজাৰ পৰা পুনৰ চলিল ব্ৰহ্মপুত্ৰৰ বুকুত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী । যোৱা ১২ জুলাইৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা বাতিল কৰা হৈছিল ৷ দহ দিন পিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত আজিৰ পৰা পুনৰ মুকলি কৰিছে ফেৰী সেৱা । গুৱাহাটীৰ পৰা মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজবাটৰ মাজত পুনৰ চলিল ফেৰী সেৱা ।

জুলাই মাহৰ প্ৰথম ভাগৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নৈ সমূহৰ লগতে ব্ৰহ্মপুত্ৰ নদীও ওফন্দি উঠিছিল । ব্ৰহ্মপুত্ৰ নদী বিপদ সীমা চেৰাই ৫১.২৩ ছেন্টিমিটাৰ ওপৰেৰে বৈ থকাৰ ফলত বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ তলত থকাৰ বাবে পুনৰ ফেৰী সেৱা মুকলি কৰা হৈছে । ব্ৰহ্মপুত্ৰ নৈ গুৱাহাটীত বৰ্তমান বিপদ সীমাৰ পৰা ২.৪৮ ছেন্টিমিটাৰ তলেৰে বৈ আছে । বানে ভয়াবহ ৰূপ ধাৰণ কৰাত ৰাজ্যৰ ৩৩ জিলাৰ ভিতৰত ৩২ খন জিলা জলমগ্ন হৈ পৰিছিল । বানৰ ফলত প্ৰায় ৫৭ লাখ লোক প্ৰভাৱিত হৈছিল আৰু লক্ষাধিক লোক বানৰ কৱলত পৰি গৃহহীন হ'বলগা হৈছিল ।

Intro:যোৱা দহ দিন ধৰি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ হৈ থকা ফেৰী সেৱা পুনৰ মুকলি হ'ল। বানপানীৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্থৰ বৃদ্ধি পোৱাত দহ দিন ধৰি বন্ধ কৰি ৰখা হৈছিল ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা। অন্ত পৰি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ যাতায়তৰ অসুবিধা।

Body:বানপানীৰ ফলত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্থৰ বৃদ্ধি পোৱাত ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল যাত্ৰী সকলৰ সুৰক্ষৰ প্ৰতি দৃষ্টি ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰি ৰখা ফেৰী সেৱা সোমবাৰৰ পৰা পুনৰ মুকলি কৰিলে। দহ দিন পিছত সোমবাৰে পুৱা ৭ বজাৰ পৰা পুনৰ চলিল ব্ৰহ্মপুত্ৰৰ বুকুত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী। ভয়াবহ বানপানীৰ ফলত ৰাজ্যৰ বিভিন্ন নৈ-উপনৈ সমূহৰ লগতে মহাবহু ব্ৰহ্মপুত্ৰও ৰুদ্ৰৰূপ ধাৰণ কৰাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোৱা ১২জুলাইৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱাৰ ওপৰত নিষেধাগ্য আৰোপ কৰিছিল। দহ দিন পিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ জলস্থৰ হ্ৰাস পোৱাত আজিৰ পৰা পুনৰ মুকলি কৰিছে ফেৰী সেৱা। আজি পুৱা ৭ বজাৰ পৰা গুৱাহাটীৰ পৰা মাধ্যমখণ্ড, ৰাজাদুৱাৰ আৰু মাজবাটৰ মাজত পুনৰ চলিল ফেৰী সেৱা। যোৱা দহ দিনে ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল যাত্ৰী সকল বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগা হৈছিল যদিও ফেৰী সেৱা পুনৰ মুকলি হোৱাত যাত্ৰী সকলে সকাহ পালে।

বাইট ১: আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মী
বাইট ২: যাত্ৰী

জুলাই মাহৰ প্ৰথম ভাগৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নৈ সমূহৰ লগতে ব্ৰহ্মপুত্ৰ নদীও উফন্দি উঠিছিল। ব্ৰহ্মপুত্ৰ নদী বিপদ সীমা চেৰাই ৫১.২৩ ছেন্টিমিটাৰ ওপৰেৰে বৈ থকাৰ ফলত বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা। বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্থৰ বিপদ সীমাৰ তলত থকাৰ বাবে পুনৰ ফেৰী সেৱা মুকলি কৰা হৈছে। ব্ৰহ্মপুত্ৰ নৈ গুৱাহাটীত বৰ্তমান বিপদ সীমাৰ পৰা ২.৪৮ ছেন্টিমিটাৰ তলেৰে বৈ আছে।

বাইট ৩: শফিকুল হুছেইন, কেন্দ্ৰীয় জল আয়োগৰ কর্মী

Conclusion:বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত ৰাজ্যৰ ৩৩ জিলাৰ ভিতৰত ৩২খন জিলা জলমগ্ন হৈ পৰিছিল। বানপানীৰ ফলত প্ৰায় ৫৭ লাখ লোক প্ৰভাৱিত হৈছিল আৰু লক্ষাধিক লোক বানপানীৰ কবলত পৰি গৃহহীন হ'বলগা হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.