ETV Bharat / state

চৰকাৰে অখিল গগৈলৈ ভয় কৰি জেলৰ পৰা মুকলি কৰি দিয়া নাই: ৰাইজৰ দল - নিৰ্বাচনত জয়ী হোৱা

সমাগত 2021ৰ বিধান সভা নিৰ্বাচনত অখিল গগৈক কাৰাগাৰত বন্ধি কৰি বিজেপি চৰকাৰে নিৰ্বাচনত জয়ী হোৱাৰ যি দিবাস্বপ্ন দেখিছে সেইয়া কেতিয়া পূৰ্ণ নহয় বুলি ৰাইজৰ দলে সকিয়াই দিছে ৷

চৰকাৰে অখিল গগৈলৈ ভয় কৰি জেলৰ পৰা মুকলি কৰি দিয়া নাইঃ ৰাইজৰ দল

author img

By

Published : Feb 12, 2021, 1:47 PM IST

নিউজ ডেস্ক,12 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ৰাইজৰ দলে এক প্ৰেছ বিবৃতি যোগে বিজেপি নেতৃত্বধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ অখিল গগৈক ভয় কৰিয়ে চৰকাৰখনে কাৰাগাৰাৰ পৰা মুক্তি কৰি দিব বিচৰা নাই অখিল গগৈক ৷ লগতে অখিল গগৈক চৰকাৰ ক্ষণে ক্ষণে ভয়, প্ৰলোভন, মানসিকভাৱে বিধ্বস্ত কৰিবলৈ চেষ্টা কৰিছে ৷

ইপিনে অখিল গগৈয়ে আপোচ নকৰা বাবেই তেওঁক এইদৰে পোতাশালত বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷ সমাগত 2021ৰ বিধান সভা নিৰ্বাচনত অখিল গগৈক কাৰাগাৰত বন্দী কৰি বিজেপি চৰকাৰখনে নিৰ্বাচনত জয়ী হোৱাৰ যি দিবাস্বপ্ন দেখিছে সেইয়া কেতিয়া পূৰ্ণ নহয় বুলি ৰাইজৰ দলে সকিয়াই দিছে ৷

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছিল অখিল গগৈ ৷ বৃহস্পতিবাৰে পুনৰ অখিল গগৈৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পিছতে ক্ষোভিত হৈ পৰা দেখা গৈছে ৰাইজ দলক ৷

অখিল গগৈক কাৰাগাৰত বন্দী কৰি চৰকাখনে কা আন্দোলন মষীমূৰ কৰা, টোলগেট সমূহ খুলি দিয়া, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা, এটাৰ পিছত এটা নিযুক্তি কেলেংকাৰী সংঘটিত কৰা, তৈলখাদ , বিমানবন্দৰ ব্যক্তিগতকৰণ কৰা আৰু ৰাজ্যৰ জনগণক সাম্প্ৰদায়িক বিভাজনৰে বিভাজিত কৰাৰ দৰে কামবোৰ কৰিব পাৰিছে বুলি ৰাইজৰ দলে প্ৰেছ বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছে ৷

লগতে ৰাইজৰ দলে আগন্তুক 2021 ৰ বিধান সভাৰ নিৰ্বাচনত বিজেপি আৰু আৰএছএছ চৰকাৰ খনক শাসনৰ গাদিৰ পৰা ওফৰাই পেলাবলৈ আহ্বান জনাইছে ৷ ৰাইজৰ দলে বিজেপি দলক ক্ষমতাৰ পৰা গাদীচুত্য কৰাতো তেওঁলোকৰ সংকল্প হিচাপে গ্ৰহণ কৰিছে বুলি আজি প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰি কৰিছে ৷

লগতে পঢ়কঃ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত পুনৰ জিলিকিল অসমীয়া যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.