গুৱাহাটী, 26 মে’: লকডাউনৰ তিনিটাকৈ পৰ্যায়ত অন্য ঠাইৰ লেখীয়াকৈ গুৱাহাটীতো বন্ধ হৈ আছিল ফেৰীসমূহৰ চলাচল । চতুৰ্থ পৰ্যায়ৰ লকডাউনত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাৰ বাবে পুনৰ চলিব ধৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীসমূহ । অৱশ্যে ফেৰীসেৱা আৰম্ভ হৈছে যদিও ফেৰীসমূহত নাই যাত্ৰী ।
অতি সীমিত সংখ্যক যাত্ৰী লৈ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া হৈছে ফেৰীসমূহ । প্ৰতিদিনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত 6 খনকৈ ফেৰী চলাচল কৰি আছে যদিও যাত্ৰীৰ সংখ্যা অতি নগণ্য। 2-3 জন যাত্ৰী লৈ ফেৰীসমূহে যাত্ৰা কৰিবলগীয়া হৈছে ।
চৰকাৰী কাৰ্যালয়সমূহৰ কাম পুনৰ আৰম্ভ হোৱাত উত্তৰ গুৱাহাটীৰ পৰা কৰ্মচাৰীসকলে গুৱাহাটীলৈ প্ৰতিদিনে যাত্ৰা কৰিছে যদিও অন্যান্য যাত্ৰী নথকাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগ ৷
ইফালে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অৱলম্বন কৰি ব্ৰহ্মপুত্ৰৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা চলাচলৰ অনুমতি প্ৰদান কৰে । সম্পূৰ্ণৰূপে সামাজিক ব্যৱধান অৱলম্বন কৰি আৰু যাত্ৰীসকল মাস্ক পৰিধান কৰিলেহে ফেৰীযোগে যাত্ৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে নিয়মীয়াকৈ ফেৰীসমূহ ছেনিটাইজ কৰি আছে বুলি জানিবলৈ দিয়ে বিভাগে ।