ETV Bharat / state

Palm oil plantation in Assam: তৈল পাম কৃষিৰ বিৰোধিতাৰে ধৰ্ণা কৃষক সংগঠনৰ - বাবা ৰামদেৱৰ পতঞ্জলী

পাম খেতিয়ে অসমৰ জৈৱ বৈচিত্ৰৰ ওপৰত ভাবুকি কঢ়িয়াই আনিব । জীৱকুল জীয়াই থকাত অসুবিধাৰ সৃষ্টিৰ হ’ব বুলি ইতিমধ্য়ে ৰাজ্য়জুৰি আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ । ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে সাব্য়স্ত কৰিলে প্ৰতিবাদ ।

Palm oil plantation in Assam
গুৱাহাটীত অসম ৰাজ্যিক কৃষক সভাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 4:49 PM IST

গুৱাহাটীত অসম ৰাজ্যিক কৃষক সভাৰ প্ৰতিবাদ

গুৱাহাটী ,২৬আগষ্ট : তৈল পাম কৃষি বন্ধ কৰি জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্য়াহত । ইয়াৰে অংশৰূপে শনিবাৰে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে সাব্য়স্ত কৰে প্ৰতিবাদ । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে ।

এই প্ৰতিবাদ সাব্যস্ত কৰি অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ে ২০২১ত অসম তথা উত্তৰ পূবত তৈল পাম কৃষিৰ মিছন ঘোষণা কৰাৰ লগে লগে দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী আৰু পৰিৱেশবিদ, অসম ৰাজ্যিক কৃষক সভাকে ধৰি ৰাজ্যৰ বিভিন্ন কৃষক সংগঠন, ৰাজনৈতিক দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ বিগত দুবছৰে প্ৰকাশ কৰি অহা উদ্বেগ, আশংকা আৰু প্ৰতিবাদক আওকান কৰি যোৱা ৮ আগষ্টত তিনিচুকীয়া জিলাৰ ধলাত পাম পুলি ৰোপণ কৰি অসমত তৈল পাম মিছনৰ কাম আৰম্ভ কৰা হ’ল ৷

তেওঁ পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে তৈল পাম কৃষিৰ উন্নয়নৰ বাবে ৯০:১০ হাৰত সাহায্য প্ৰদান কৰিব বুলি বাতৰিত প্ৰকাশিত হৈছে ৷ অসমৰ কৃষি, কৃষকৰ স্বাৰ্থ আৰু জৈৱ বৈচিত্ৰ বিৰোধী তৈল পাম কৃষি মিছন আৰম্ভ কৰা কাৰ্যক অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে তীব্ৰ বিৰোধীতা কৰি ৰাজ্যত তৈল পাম কৃষি তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে কামৰূপ আৰু গোৱালপাৰাত ২০১৫ বৰ্ষতে পাম কৃষিৰ আৰম্ভ কৰা হৈছিল আৰু সাধাৰণ কৃষকক তৈল পাম কৃষিত জড়িত কৰা হৈছিল ৷ তেতিয়া সাধাৰণ খেতিয়কৰ বাবে ৯০:১০ হাৰৰ অনুদান আগবঢ়োৱা হোৱা নাছিল ৷ কিছুদিন পূৰ্বে গোৱালপাৰাৰ আগিয়াৰ এগৰাকী কৃষকে এক হেক্টৰ ভূমিত ৮০-৯০ হাজাৰ টকা ব্যয় কৰি ৰোপণ কৰা তৈল পাম গছ কাটি পেলাবলৈ বাধ্য হৈছে ৷

নিজৰ পেট পোহাৰ বাবে শ্ৰম কৰি অনাবাদী পতিত মাটি, ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা কৃষকক নিৰ্মমভাৱে উচ্ছেদ কৰা ৰাজ্য চৰকাৰখনে তৈল পাম কৃষিৰ বাবে চাৰিটা বৃহৎ কোম্পানীক মুঠ ১,৪৩,৭৫০ হেক্টৰ ভূমি আৱণ্টন দিছে ৷ বাবা ৰামদেৱৰ পতঞ্জলীৰ প্ৰতি অধিক দৰদ প্ৰদৰ্শন কৰি সৰ্বাধিক পৰিমাণৰ ৬০,৩০০ হেক্টৰ ভূমি আৱণ্টন দিয়া হৈছে ৷ সেয়েহে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ দাবী অসম তথা উত্তৰ পূবত তৈল পাম মিছন বন্ধ কৰক,ইতিমধ্যে আৰম্ভ কৰা তৈল পাম পুলি ৰোপন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰক,২০১৫ত গোৱালপাৰা আৰু কামৰূপত আৰম্ভ কৰা তৈল পাম খেতি কৰি ক্ষতিগ্ৰস্ত হোৱা কৃষকক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিয়া আৰু ক্ষতিগ্ৰস্ত মাটিৰ উৰ্বৰা শক্তি ওভতাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু তৈল পাম কৃষিৰ বাবে কৰ্প'ৰেটক প্ৰদান কৰা ভূমি ওভতাই লৈ গৰীৱ আৰু ভূমিহীন কৃষকক খেতি কৰাৰ বাবে মাটি দিয়া, বিকল্প ব্যৱস্থা অবিহনে সকলোধৰণৰ উচ্ছেদ বন্ধ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Palm oil plantation in Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.