ETV Bharat / state

Family based crime in Assam : ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে পৰিয়ালকেন্দ্ৰিক বিবাদে - Domestic violence increased in Assam

ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তথ্য অনুসৰি ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে ৰাজ্যত ৩৫৮৮ টা পাৰিবাৰিক সংঘাতৰ ঘটনা পোহৰলৈ আহিছে (Family conflict case in Assam)। শিক্ষিত লোকৰ মাজত এই অপৰাধৰ প্ৰৱণতা বেছি । আৰ্থিক সমস্যাইও একাংশ পৰিয়ালত কন্দলৰ সৃষ্টি কৰে ।

Family based crime in Assam
ৰাজ্যত পৰিয়ালকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ লৈছে
author img

By

Published : Feb 17, 2023, 9:28 PM IST

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে পৰিয়ালকেন্দ্ৰিক বিবাদ (Domestic violence increased in Assam)। অৰ্থনৈতিক সমস্যা, ঘৰুৱা হিংসা, অবৈধ সম্পৰ্ক, পৰস্পৰে পৰস্পৰৰ মাজত বুজা বুজি নথকা, নিচাজাতীয় দ্ৰব্য সেৱন, যৌতুকৰ দাবী আদিক কেন্দ্ৰ কৰিয়েই এই পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনাসমূহ সংঘটিত হৈ আহিছে । ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তথ্যত উন্মোচিত হৈছে ৰাজ্যত পৰিয়ালকেন্দ্ৰিক বিবাদৰ এই ভয়াৱহ ছবি ।

ৰাজ্যিক সমাজ কল্যাণ পৰিষদত পোৱা তথ্য অনুসৰি ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে ৰাজ্যত ৩৫৮৮ টা পাৰিবাৰিক সংঘাত হৈছে (State Social Welfare Board report)। ২০২০- ২১ চনত ৩৯৭৩ টা পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে । আনহাতে ২০১৯-২০ ত ৩৬৯০ টা পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে ।

এই গোচৰৰ অধিকাংশই স্বামী-স্ত্ৰীৰ অবৈধ সম্পৰ্ক, সুৰাপান কৰি স্বামী-স্ত্ৰীৰ কন্দল, আৰ্থিক সমস্যা, ঘৰুৱা হিংসা যৌতুক দাবীৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ আদি । ২০২১-২২ বৰ্ষত ৩৫৮৮ টা পাৰিবাৰিক সংঘাত হৈছে । তাৰ ভিতৰত যৌতুক জনিত কাৰণত ২২৯ টা, ঘৰুৱা হিংসা ৪৮৭ টা, সুৰাপান কৰি স্বামী-স্ত্ৰীৰ কন্দল ৫৯০ টা, আৰ্থিক সমস্যা ৩৫৭ টা, অবৈধ সম্পৰ্ক ৩৬৫ টাকে ধৰি বিভিন্ন কাৰণত পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে (Family centered disputes in Assam)।

আনহাতে ২০২০-২১ চনত ৩৯৭৩ টা পৰিয়ালকেন্দ্ৰিক বিবাদ সংঘটিত হৈছে । তাৰ ভিতৰত যৌতুকজনিত কাৰণত ২৬৬ টা, ঘৰুৱা হিংসা ৩৯২ টা, সুৰাপান কৰি স্বামী-স্ত্ৰীৰ কন্দল ৫২০ টা, আৰ্থিক সমস্যা ৩৫৯ টা, অবৈধ সম্পৰ্ক ৩৪৩ টাকে ধৰি বিভিন্ন কাৰণত পৰিয়ালকেন্দ্ৰিক বিবাদ সংঘটিত হৈছে । পৰিয়ালকেন্দ্ৰিক বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত ৷ ইয়াৰ অধিকাংশই শিক্ষিত লোকৰ ৷ শিক্ষিত লোকসকলে সৰু সুৰা কথাতে বিচাৰে বিবাহ বিচ্ছেদ ।

কেন্দ্ৰীয় আৰু ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধীনস্থ ৰাজ্যৰ ২৪ টাকৈ বেচৰকাৰী সংগঠনে পৰিয়ালকেন্দ্ৰিক বিবাদ মীমাংসাৰ বাবে আইনী সাহায্য আৰু পৰামৰ্শ দি আহিছে ৷ অসম প্ৰাদেশিক মহিলা সমিতি বেচৰকাৰী সামাজিক সংগঠনটোৱে দীৰ্ঘদিনে এনে ভুক্তভোগী লোকক প্ৰদান কৰি আহিছে বিনামূলীয়া আইনী সাহায্য আৰু পৰামৰ্শ ৷

যি সময়ত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চলিছে ব্যাপক অভিযান ৷ সেই সময়তে আন এক তথ্যই উন্মোচিত কৰিছে আৰ্থিক সমস্যাই একাংশ পৰিয়ালত সৃষ্টি কৰিছিল কন্দল । আনহাতে এনেবোৰ কাৰ্যই যে, সমাজত বিবাহ কৰাৰ পূৰ্বে হাজাৰ বাৰ ভাবিবলৈ বাধ্য কৰিব সেয়া নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক :Fraud arrested in Guwahati: সাৱধান! গুৱাহাটীত সুন্দৰী যুৱতীয়ে পেলাইছে প্ৰৱঞ্চনাৰ জাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.