ETV Bharat / state

FAIAPSCA PC: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সংঘটিত হোৱা দুৰ্নীতিক লৈ সৰৱ FAIAPSCA

author img

By

Published : Jul 9, 2023, 5:39 PM IST

আৰক্ষী সঞ্চালক প্ৰধানে অভিযুক্ত আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে কোঠৰ স্থিতি নোলোৱাৰ অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি প্ৰশাসকৰ । তিনিচুকীয়াৰ তেল চুৰি চক্ৰৰ সৈতে নাম সাঙোৰ খোৱা এপিএছ বিষয়াক কেৱল ৰিজাৰ্ভ ক্ল'জ কৰিয়ে দায়িত্ব সামৰাত ক্ষোভ ।

FAIAPSCA anger against Assam police
ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি প্ৰশাসক

গুৱাহাটী, ৯ জুলাই: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ দুৰ্ণীতিপৰায়ণ তথা অন্য ভয়ংকৰ অভিযোগত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে যদি কঠোৰ স্থিতি গ্ৰহণ কৰা নহয় তেতিয়ালৈ অসম আৰক্ষীক নিকা আৰু সংস্কাৰমুখী কৰা সম্ভৱপৰ নহয় বুলি মন্তব্য ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি প্ৰশাসক মানস প্ৰতীম বৰুৱাৰ ।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে শীৰ্ষ বিষয়াৰ ছত্ৰছায়াতেই একাংশ এই ধৰণৰ পৰিদৰ্শক পৰ্যায়ৰ বা আনকি কনিষ্টবল পৰ্যায়ৰ আৰক্ষীয়েও দুৰ্নীতি আৰু আন অপৰাধ কৰাৰ সাহস কৰে । অসম আৰক্ষীৰ শীৰ্ষতম পৰ্যায়ৰ পৰাই যদি এই ধৰণৰ অভিযোগৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা নহয় তেন্তে এই শেহতীয়া পদক্ষেপসমূহ কেৱল দুদিনীয়া চমকত পৰিণত হ'ব ।

তেওঁ কয় যে অসম আৰক্ষীৰ বৰ্তমান বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এছ এন সিঙৰ নাম মহানগৰীৰ কেইজনমান ব্যক্তিক ভুৱা গোচৰত কৰায়ত্ত কৰা আৰু পৰৱৰ্তী সময়ত ধন দাবী কৰাৰ দৰে গোচৰত সাঙোৰ খাইছিল । সেই সময়ত তেওঁ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা STFৰ মুৰব্বীৰ পদত আছিল । এই অভিযোগৰ তদন্ত কৰিবৰ বাবে ২০১৭ চনত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰা হৈছিল । ২০১৯ চনত আয়োগে প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল । এই ভয়ংকৰ অপৰাধৰ তদন্ত আয়োগৰ প্ৰতিবেদন আজিলৈ কাৰ্যকৰীকৰণতো নহ'লেই প্ৰতিবেদনই ৰাজহুৱাও নহ'ল বুলি মন্তব্য কৰে ।

তেওঁ পুনৰ কয় যে অসম চৰকাৰে অবৈধ নিযুক্তিৰ অভিযোগত পৰিবহন নিগমৰ ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে । কিন্তু এই নিযুক্তি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ।

তেওঁ কয় যে দিছপুৰ থানাৰ ৪ কোটিৰ সোণৰ বিস্কুট চুৰিত উপ পৰিদৰ্শক নিপু কলিতা ,ৰাজধানী এক্সপ্ৰেছৰ সোণ আৰু ধন লুট কাণ্ডত গ্ৰেপ্তাৰ হোৱা সহকাৰী উপ পৰিদৰ্শক শ্ৰবণ কুমাৰ ঝা আৰু চোৰাং সোণৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উপ ৰিদৰ্শক বদ্ৰী প্ৰসাদ বাৰুৱটী জড়িত ।

এই ক্ষেত্ৰত নিপু কলিতাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও বাকী সকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা পোৱা নাই । আটাইতকৈ ভয়ংকৰ কথা এয়াই যে অসম আৰক্ষীত অপৰাধৰ ছিণ্ডিকেট গঢ়াৰ অভিযোগ থকা বদ্ৰী প্ৰসাদ বাৰোৱটীৰ নিযুক্ত আছিল অবৈধ । গুৱাহাটী উচ্চ ন্যায়লয়ৰ ২০১৪ চনৰ এক ৰায়ৰ বাবেই বদ্ৰী প্ৰসাদ আৰু ১৮ জনৰ নিযুক্তি অবৈধ বুলি ঘোষণা কৰা হয় আৰু তাৰ ঠাইত অন্যান্য ১৯ জনক নিযুক্তি দিয়া হয় । কিন্তু এই সকলে গৃহ বিভাগৰ শক্তিশালী চক্ৰক মেনেজ কৰি চাকৰি কৰি আছে বুলিও সংবাদমেলত তেওঁ আভিযোগ কৰে ।

তেওঁ কয় যে তিনিচুকীয়াৰ তেল চুৰি চক্ৰৰ সৈতে নাম সাঙোৰ খোৱা এ পি এছ বিষয়া হিৰণ্য কুমাৰ বৰাক কেৱল ৰিজাৰ্ভ ক্ল'জ কৰিয়ে দায়িত্ব সামৰিলে । এই সকল বিষয়াৰ বিৰুদ্ধে কোঠৰ স্থিতি ল'ব পৰা নাই সঞ্চালক প্ৰধানে । চৰকাৰ তথা অসম আৰক্ষীৰ শেহতীয়া পদক্ষেপ কেৱল খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ বান্ধে নীতিহে হৈ পৰিব । অসম আৰক্ষীৰ লগতে আন সকলো বিভাগৰ নিম্ন পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈ সকলো দুৰ্ণীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে একে নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় মানস প্ৰতিম বৰুৱাই ।

লগতে পঢ়ক:Missing News : প্ৰায় 43 দিন ধৰি সন্ধানহীন মৰাণৰ দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.