ETV Bharat / state

Extra power supply to Assam: অসমলৈ ১৭৯ মেগাৱাট বিদ্যুৎ শক্তি ক্ৰয়ৰ বাবে যোগানৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:43 PM IST

Updated : Sep 25, 2023, 10:55 PM IST

গৰমৰ দিনবোৰ গৈ এতিয়া লাহেকৈ শৰতে ভুমুকি মাৰিছে ৷ তাৰ মাজতে লোড শ্বেডিঙে জুৰুলা কৰা অসমবাসীলৈ সামান্য সকাহৰ বতৰা । অসমৰ বাবে ১৭৯ মেগাৱাট অতিৰিক্ত বিদ্যুৎ শক্তি যোগানৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । মুখ্যমন্ত্ৰীৰ কেন্দ্ৰক ধন্যবাদ জ্ঞাপন ।

Extra power supply to Assam
অসমলৈ ১৭৯ মেগাৱট বিদ্যুৎ শক্তি ক্ৰয়ৰ বাবে যোগানৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: এইবাৰ জহকালিটোৰ প্ৰায়ভাগ সময়েই বিদ্যুতৰ নাটনিৰ ফলত হোৱা লোড শ্বেডিঙৰ বাবে ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ৰাজ্যজুৰি জনতাৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন । সেয়ে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে ক্ৰয় কৰিবলৈ অতিৰিক্ত বিদ্যুৎ শক্তি যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল ৷ অৱশেষত ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ অক্টোবৰৰ পৰা এবছৰৰ বাবে অসমক যোগান ধৰা হ'ব অতিৰিক্ত ১৭৯ মেগাৱাট বিদ্যুৎ। NTPCৰ দাদ্ৰি-১ প্ৰকল্পৰ পৰা যোগান ধৰা হ'ব এই অতিৰিক্ত বিদ্যুৎ ।

ৰাজ্য চৰকাৰৰ অনুৰোধ ৰক্ষাৰ বাবে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক টুইটযোগে ধন্যবাদ মুখ্যমন্ত্ৰীগৰাকীৰ ।

  • My heartfelt gratitude to Hon’ble Union Power Minister Shri @RajKSinghIndia ji for considering my personal request and allocating an additional 179 MW of power to the State🙏

    We are committed to ensuring adequate supply of power to industries and households that fuels the Assam… pic.twitter.com/tLwYvQAHdN

    — Himanta Biswa Sarma (@himantabiswa) September 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

My heartfelt gratitude to Hon’ble Union Power Minister Shri @RajKSinghIndia ji for considering my personal request and allocating an additional 179 MW of power to the State🙏

We are committed to ensuring adequate supply of power to industries and households that fuels the Assam… pic.twitter.com/tLwYvQAHdN

— Himanta Biswa Sarma (@himantabiswa) September 25, 2023

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে ভোটাৰক ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি শাসিত ৰাজ্য চৰকাৰখনৰ দিনত বিদ্যুতৰ বাবে প্ৰত্যেক দিনাই ত্ৰাহি মধূসুধন সোঁৱৰিব লগীয়া হৈছে । বিদ্যুতৰ উৎপাদনৰ ক্ষেত্রত ৰাজ্যখনক স্বনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্রত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ ৷ নিজাববীয়াকৈ এইখন চৰকাৰে ১ মেগাৱটো বিদ্যুৎ উৎপাদন কৰা দেখা পোৱা নাই ৷ সেয়ে অসমে দেশৰ মুকলি বজাৰৰ পৰা নিজৰ চাহিদা পূৰাবলৈ উচ্চ দামত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈ আহিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সদৰী কৰা অনুসৰি, অসমক দৈনিক প্ৰায় ২৫০০ৰ পৰা ২৬০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় পিক আৱাৰত । কিন্ত অসমৰ নিজা বিদ্যুৎ উৎপাদন মাত্র ২৫০-৩০০ মেগাৱাটহে । ৰাজ্যৰ প্ৰয়োজনীয় প্ৰায় ২০০০ মেগাৱট বিদ্যুতৰ জোৰা মৰাটো ৰাজ্য চৰকাৰৰ বাবে একেবাৰে সম্ভৱ নহয় । ৰাজ্যৰ শক্তি বিভাগে দৈনিক নীপকো, এন এইচ পি চি আদি শক্তিখণ্ডৰ পৰা প্ৰায় ১৬০০ মেগাৱাট বিদ্যুৎ ক্রয় কৰিবলগীয়া হয় । তাৰ পিচতো এতিয়াও প্রায় ৭০০ পৰা ৮০০ মেগাৱাট বিদ্যুৎ শক্তিৰ নাটনি ঘটে ৰাজ্যত । এই নাটনি পূৰাবলৈ কেন্দ্ৰীয় চৰকাৰৰ শৰণাপন্ন হ’বলগীয়া হয় ৰাজ্য চৰকাৰ ।

পিক আৱাৰত দৈনিক বিদ্যুতৰ নাটনি ৭০০ পৰা ৮০০ মেগাৱাট ৷ ৰাজ্যক ক্ৰয় কৰিবলৈ অতিৰিক্ত ১৭৯ মেগাৱট শক্তি যোগানৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৷ এয়া এপাচি শাকত এটা জালুক সদৃশ হ’লেও শীতৰ আগমণি কাল হোৱা হেতুকে ৰাজ্যবাসীৰ লগতে ৰাজ্য চৰকাৰৰ কিছুদিনলৈ সামান্য সকাহ হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: কয়লাৰ নাটনিকলৈ বিদ্যুতৰ সংকট : অসমতো পৰিব প্ৰভাৱ

Last Updated : Sep 25, 2023, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.