ETV Bharat / state

ম্যানমাৰৰ চালানী মাছে বিপদ মাতিছে থলুৱা মৎস্য পালকলৈ - চালানী মাছ

উল্লেখযোগ্য যে, বাৰ্মাৰ ম্যানমাৰৰ পৰা অহা বিশালকায় ভকুৱা, ইলিছ, মাগুৰ আদি তুলনামূলকভাৱে কম দামৰ হোৱা বাবেও সহজে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে কিন্তু মৎস্য উৎপাদনত অসম এতিয়া স্বাৱলম্বী বুলিহে দাবী কৰি আহিছে ৰাজ্য চৰকাৰে ।

exported fish from myanmar is carrying threat to local fish producer
ম্যানমাৰৰ চালানী মাছে বিপদ মাতিছে থলুৱা মস্যৎ পালকলৈ
author img

By

Published : Sep 23, 2020, 10:41 PM IST

Updated : Sep 24, 2020, 12:25 PM IST

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: অতদিনে অন্ধ্ৰপ্ৰদেশ, কাণপুৰ, বিহাৰ, কলকাতাৰ পৰা আমদানীকৃত মাছেৰে অসমৰ বজাৰ উপচি থকাৰ পিছত এইবাৰ অসমলৈ আমদানি ঘটিছে ম্যানমাৰৰ মাছৰ । সংখ্যাত তাকৰীয়া হ'লেও ম্যানমাৰৰ চালানী মাছে ইতিমধ্যে বজাৰত খোপনি পুতিছে । যিয়ে ৰাজ্যৰ অৰ্থনীতিত এক নতুন আঘাত হানিছে ।

উল্লেখযোগ্য যে, ম্যানমাৰৰ পৰা অহা বিশালকায় ভকুৱা, ইলিছ, মাগুৰ আদি তুলনামূলক ভাৱে কম দামৰ হোৱা বাবেও সহজে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে কিন্তু মৎস্য উৎপাদনত অসম এতিয়া স্বাৱলম্বী বুলিহে দাবী কৰি আহিছে ৰাজ্য চৰকাৰে ।

ম্যানমাৰৰ চালানী মাছে বিপদ মাতিছে থলুৱা মৎস্য পালকলৈ
ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুধবাৰে ই টিভি ভাৰতৰ আগত কয় যে বৰ্তমান অসমত বৰ্হিঃৰাজ্যৰ পৰা অহা মাছৰ চাহিদা বহুখিনি হ্ৰাস পাইছে । কিয়নো অসমত থলুৱা মাছৰ উৎপাদন যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে । মাছ উৎপাদনত অসম এতিয়া চহকী আৰু স্বাৱলম্বী । আনহাতে, ম্যানমাৰৰ পৰা অহা মাছে অসমৰ বজাৰত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই সংখ্যা অৱশ্যে তেনেই তাকৰীয়া ।

Last Updated : Sep 24, 2020, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.