ETV Bharat / state

MLA Mrinal Saikia: কিয় পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ? - Bhupen Borah

এইবাৰ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ কিন্তু কিয় তেওঁ পদত্য়াগ কৰিব ! ইয়াৰ মূলতে হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ভূপেন বৰাৰ এক প্ৰত্যাহ্বান গ্ৰহণ কৰি পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে মৃণাল শইকীয়াই ৷ সৱিশেষ এই প্ৰতিবেদনত -

MLA Mrinal Saikia
MLA Mrinal Saikia
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 3:09 PM IST

গুৱাহাটী,২৬ আগষ্ট: কি ঘটিছে ৰাজ্যিক বিজেপিত, কিয় পদত্যাগ কৰিব ওলাইছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ! অৱশ্যে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে এতিয়া নহয়, ২০২৪ চনৰ নিৰ্বাচনৰ সময়তহে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে ।

বিধায়ক মৃণাল শইকীয়াই দলীয় মজিয়াত পদত্যাগৰ কথা সদৰী কৰা নাই । তেওঁ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে এই কথা জনাইছে । বিধায়কগৰাকীয়ে চৰ্ত সাপেক্ষেহে পদত্যাগ কৰাৰ কথা সদৰী কৰিছে ।

তেওঁৰ চৰ্ত হৈছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদি অসমত কংগ্ৰেছে ৯ খন আসন লাভ কৰে তেন্তে তেওঁ পদত্যাগ কৰিব । লক্ষণীয় বিষয় আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত আসন লাভৰ প্ৰসংগক লৈ সংখ্যাৰ খেল চলি আছে ।

MLA Mrinal Saikia
বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা পত্ৰ

শাসকীয় দল বিজেপিক পৰাভূত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে ৰাজ্যিক পৰ্যায়তো কংগ্ৰেছৰ নেতৃত্বত ১২টা বিৰোধী দল একত্ৰিত হৈছে । ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ৯খনতে কংগ্ৰেছ জয়ী হোৱাৰ কথা সদৰী কৰিছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্য তথা ঘোষণাৰ পাছতে সৰৱ হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া । কেৱল সৰৱ হোৱাই নহয় পদত্যাগ কৰাৰ প্ৰত্যাহ্বানো গ্ৰহণ কৰিলে ।

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যৰ পাছত বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কোৱাৰ দৰে যদি লোকসভা নিৰ্বাচনত ৯ খন আসন লাভ কৰে তেন্তে তেওঁ পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল । বিধায়ক মৃণাল শইকীয়াৰ এই ঘোষণাক লিখিত আকাৰে দিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰত্যাহ্বান জনাইছিল ।

সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমলৈ লিখিতভাৱে পদত্যাগ কৰাৰ কথা সদৰী কৰে । পদত্যাগ সন্দৰ্ভত দিয়া পত্রখনত বিধায়ক মৃণাল শইকীয়াই কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক লোকসভাৰ নিৰ্বাচনত ৯ খন আসন পাম বুলি কৰা দাবীক প্ৰত্যাহ্বান জনাই আমি কৈছিলোঁ যে, কংগ্ৰেছে ৯ খন আসন পালে বিধায়ক পদৰ পৰা পদত্যাগ কৰিম । এই সন্দৰ্ভত কংগ্ৰেছে লিখিতভাৱে এই কথা কবলৈ প্ৰত্যাহ্বান জনোৱাৰ পাছত আপোনালোকলৈ এই পত্ৰখন প্ৰেৰণ কৰিলোঁ ।’’

তেওঁ আৰু লিখিছে, ‘‘২০২৪ ৰ লোকসভাৰ ফলাফলৰ দিনটোলৈ এই পত্ৰখন সংৰক্ষণ কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ । মই লিখিতভাৱে জনাইছো ফলাফলৰ দিনা কংগ্ৰেছে ৯খন আসন পোৱাৰ লগে লগে বিধানসভাৰ অধ্যক্ষৰ সন্মুখত পদত্যাগ পত্র দাখিল কৰিম ।’’

উল্লেখ্য যে এই প্ৰত্যাহ্বানৰ ফলাফল কি হ’ব সেয়া জানিবৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক: Indrani suicide case: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ তদন্তত ন ন তথ্য়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.