ETV Bharat / state

শক্তি বিভাগৰ পিচত এইবাৰ সৰৱ হৈ পৰিছে পৰিবহন বিভাগ - kamrup metro

চৰকাৰক কৰ আদায় দিবলৈ বাকী থকা সকলৰ বিৰুদ্ধে শক্তি বিভাগ শেহতীয়াকৈ তৎপৰ হোৱাৰ পিছত এইবাৰ অভিযানত নামিছে ৰাজ্যৰ পৰিবহন বিভাগ। চৰকাৰৰ ৰাজকোষত মাধমাৰ সোধাই যান-বাহন কৰ পৰিশোধ নকৰাকৈ থকা সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত চলিল কঠোৰ অভিযান ।

expedition-of-transport-department
সৰৱ হৈ পৰিছে পৰিবহন বিভাগ
author img

By

Published : Jul 2, 2021, 8:55 AM IST

গুৱাহাটী, 1 জুলাই : চৰকাৰৰ নতুন নিয়ম অনুসৰি বিদ্যুতৰ বিল ন’হলে চৰকাৰী চাকৰিয়ালক দৰমহা দিয়া নহ’ব বুলি প্ৰকাশ পোৱাৰ পিচতেই লাঘু হৈছে নতুন নিয়ম ৷ চৰকাৰক কৰ আদায় দিবলৈ বাকী থকা সকলৰ বিৰুদ্ধে শক্তি বিভাগ শেহতীয়াকৈ তৎপৰ হোৱাৰ পিচতেই এইবাৰ অভিযানত নামিছে ৰাজ্যৰ পৰিবহন বিভাগ (Transport department) । চৰকাৰৰ ৰাজকোষত মাধমাৰ সোধাই যান-বাহন কৰ পৰিশোধ নকৰাকৈ থকা সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত চলিল কঠোৰ অভিযান ।

কামৰূপ (ম) (kamrup metro) ৰ জিলা পৰিবহন বিষয়া গৌতম দাস আৰু জিলা পৰিবহন বিষয়া (এনফ'ৰ্চমেন্ট) হিমাংশু দাসৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ জি এছ ৰোড (GS Road)ত এই অভিযান চলোৱা হয় । সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা যান-বাহনৰ নথি-পত্ৰ এই অভিযানৰ কালচোৱাত পৰীক্ষা কৰা হয় । উল্লেখযোগ্য যে কেৱল গুৱাহাটী মহানগৰীৰ ৰাজপথতে চলাচল কৰে প্ৰায় সাত লক্ষাধিক ব্যক্তিগত যান-বাহন ।

সৰৱ হৈ পৰিছে পৰিবহন বিভাগ

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহন বিভাগে 2020 ৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ চেপ্টেম্বৰ মাহলৈকে যান-বাহন কৰ পৰিশোধৰ ক্ষেত্ৰত ৰেহাই দিছিল । কিন্তু 2020 ৰ ফেব্ৰুৱাৰীৰ পূৰ্বৰ বহু সংখ্যক যান-বাহনে এতিয়াও পৰিবহন বিভাগক পৰিশোধ কৰিবলৈ বাকী আছে ।

Expedition of transport department at gs road guwahati
সৰৱ হৈ পৰিছে পৰিবহন বিভাগ

এই বাকী কৰৰ পৰিমাণ হ’ব প্ৰায় 15 কোটি টকা । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজপথত এই বাকী কৰ আদায়ৰ বাবেই পৰিবহন বিভাগে চলাইছে কঠোৰ অভিযান । মন কৰিবলগীয়া যে কামৰূপ (ম) জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত AS 01 নম্বৰৰ প্ৰায় 31 টা চিৰিজৰ বহুসংখ্যক যান-বাহনে এতিয়াও পৰিশোধ কৰা নাই বাকী কৰ ।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিৱহন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিছিল ৷ এই আলোচনাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বিভাগটোৰ অধীনৰ পৰিবহণ আয়ুক্ত, অসম ৰাজ্যিক পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে বিভাগটোক চৰকাৰী ৰাজহৰ লোকচান নিয়ন্ত্ৰণ কৰিবলৈ অভাৰলোডেড কয়লা ট্ৰাকৰ চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.